Cm Himanta Viswa Sarma:২৮ হাজাৰ বুথত ৩০ লক্ষাধিক কার্যকৰ্তাৰ অংশগ্ৰহণ “মন কী বাতে” ৰাষ্ট্ৰক নতুন গতিপথ দিছে : মুখ্যমন্ত্রী

ghy Maan ki baat

Cm Himanta Viswa Sarma:

সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পার্টিয়ে এক উৎসৱ মুখৰ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কৰে। ৰাজ্যৰ ২৮ হাজাৰতকৈ অধিক বুথত লাখ লাখ কাৰ্যকৰ্তাৰ উপস্থিতিত “মন কী বাত” অনুষ্ঠান আয়োজিত হয়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় মন্ত্রীদ্বয় সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ ৰাজ্যিক বিষয়ববীয়া সকলো নিৰ্ধাৰিত বুথত উপস্থিত থাকি “মন কী বাত” অনুষ্ঠান শ্রৱণ কৰে।

উল্লেখযোগ্য যে দলৰ গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ২০৬,২২১ আৰু ২২৮ নম্বৰ বুথৰ উদ্যোগত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী” ভৱনত “মন কী বাত” অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক উপ সভাপতি অশোক ভট্টাৰায়, কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মাৰ লগতে দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ক্ৰমে ৰাজেন গোহাঁই আৰু ৰমেন ডেকা উপস্থিত থাকে।

এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা বহু কেইগৰাকী বিশিষ্ট লোকো বিশেষভাৱে উপস্থিত থাকি অনুষ্ঠানৰ শোভাবর্ধন কৰে। উল্লেখযোগ্য যে বিশিষ্টা লিখিকা নম্রতা দত্তই “মন কী বাত”ৰ ওপৰত যুগুত কৰা গ্ৰন্থ এখনি  মুখ্যমন্ত্ৰীক প্ৰদান কৰে। বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এই তথ্য সদৰী কৰিছে।

“তৃণমূল পৰ্যায়ত সমাজ পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা লোকৰ কাহিনী, নতুন চিন্তাৰ উদ্রেগকাৰী ধাৰণাৰ আদান-প্ৰদান কৰাকে ধৰি সদায় ন ন বিষয়ৰে দেশবাসীক অনুপ্ৰেৰণা যোগান ধৰি “মন কী বাত”ৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে নতুন ভাৰতৰ নিৰ্মাণৰ বাবে দেশবাসীক একতাৰ দোলেৰে বান্ধি আগবঢ়াই লৈ গৈছে”- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান নতুন চিন্তাৰ কৰাৰ পিছতেই এনেদৰে মত পোষণ কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাৰ মতে “মন কী বাতে” দেশৰ সাধাৰণ মানুহক সৰ্বাধিক প্ৰভাৱিত আৰু অনুপ্রাণিত কৰিছে। অনুষ্ঠানত উপস্থিত থকা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই “মন কী বাত”কার্যক্রমে দেশত ইতিবাচক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি বৰ্ণনা কৰে।

প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ পূব মণ্ডলৰ অন্তৰ্গত ১৬১ নম্বৰ বুথত উপস্থিত থাকি “মন কী বাত”ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে। নতুন ভাৰতৰ দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানে এক নির্ণায়ক গতিপথ দেশবাসীক দিছে বুলি সৰ্বানন্দ সোণোৱালে মত পোষণ কৰে। আনহাতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, গুৱাহাটী মহানগৰীৰ গোটানগৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ প্ৰাঙ্গনত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দুলীয়াজন বিধানসভা সমষ্টিৰ অন্তৰ্গত হুগ্ৰীজানৰ ৭৯ নম্বৰ বুথত উপস্থিত থাকি “মন কী বাত” অনুষ্ঠানৰ অংশীদাৰ হয়।

Exit mobile version