Goods Train Derailed In Bamunimoidam:গুৱাহাটীৰ বামুণীমৈদামত অঘটন !

লাইনচ্যুত মালবাহী ৰে’লৰ ৩টাকৈ ডবা

bamonimaidam30 4 23

Goods Train Derailed In Bamunimoidam:

মহানগৰীৰ বামুনীমৈদামত মালবাহী ৰে’ল লাইনচ্যুত ৷ তিনিটাকৈ ডবা লাইনচ্যুত হয় ৷ অৱশ্যে কোনোলোকৰ হোৱা নাই হানিবিঘিণি ৷

মালবাহী ৰে’ল খন হঠাতে লাইনচ্যুত হোৱাত ব্যাহত হৈছে উজনি – নামনি ৰে’ল সেৱা ৷ এই ৰে’ল পথৰে দিনটোত বহু কেইখন যাত্ৰীবাহী ৰে’ল চলাচল কৰে ৷

ৰে’লৰ জৰিয়তে অহাযোৱা কৰা যাত্ৰীসকল সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ । ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ দল এটা উপস্থিত হৈ ব্যাহত হৈ পৰা ৰে’ল পথছোৱা মুকলিৰ বাবে তৎপৰ হৈ পৰিছে ৷

Exit mobile version