Death Anniversary Of Hemchandra Baruah:ভাষাৰ ওজা’ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৰেকৰ্ডছৰ মানপত্ৰৰে শ্ৰদ্ধাঞ্জলি

গুৱাহাটী বিশ্ববিদ্যালয়ত গাম্ভির্যপূর্ণ অনুষ্ঠান

hemkosh 1

Death Anniversary Of Hemchandra Baruah:

১৯ শতিকাতে অসমীয়া ভাষালৈ অহা সংকট প্ৰতিৰোধ কৰি ‘হেমকোষ’ প্রণয়নৰ জৰিয়তে শিলৰ পৰিকাঠামো নিৰ্মাণ কৰি থৈ গ’ল ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই। যাৰ বাবেই হেমকোষ বিগত প্রায় ডেৰ শতিকাত ভাষাৰ দেউল ৰূপে স্বীকৃত আৰু সৰ্বজন সমাদৃত।

এই হেমকোষ অসমৰ সৰ্বশ্ৰেষ্ঠ, জনপ্রিয় তথা সর্বাধিক প্রচলিত ‘অসমীয়া-ইংৰাজী’ অভিধান। ১৯০০ চনত প্ৰকাশিত হেমকোষৰ চতুৰ্দশ সংস্কৰণটিৰ ভিত্তিত ১২৩ বছৰৰ পিছত সংযোজিত হ’ল নেত্রহীনৰ অতিকে প্রযোজনীয় আৰু বিশ্বৰ ভিতৰতে বিৰল অভিধান ৰূপে চিহ্নীত ব্ৰেইল সংস্কৰণ

যাৰ জৰিয়তে অসমীয়া জাতি তথা ভাষাৰ দেউলখ্যাত হেমকোষে বিশ্বজনীন স্বীকৃতিয়েই নহয় অভিলেখ গঢ়িবলৈও সক্ষম হ’ল। অসমবাসী তথা হেমকোষ পৰিয়ালৰ বাবে গৌৰৱৰ কথা যে ইতিমধ্যে ‘হেমকোষ প্রাণ’ দেৱানন্দ বৰুৱাই সম্পাদনা কৰি যোৱা হেমকোষৰ চতুৰ্দশ সংস্কৰণত ৱেইলৰ সংযোজনে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত এলার্জেস্ট বাইলেংগুৰেল ব্রেইল ডিচলেৰী হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আজি ভাষাৰ ওজাগৰাকীৰ ১২৭ সংখ্যক মৃত্যু ভিখিৰ দিনটোতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰিলে এই আনুষ্ঠানিক স্বীকৃতি পত্ৰ

এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পত্ৰ প্ৰদানৰ এক গাম্ভীর্যপূর্ণ অনুষ্ঠান। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, সামাজিক ন্যায় আৰু সৱলিকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভার্টেন্দু পাণ্ডে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড০ প্ৰতাপ জ্যোতি সন্দিকৈ, বিশিষ্ট ভাষাবিদ বসন্ত গোস্বামীৰ উপস্থিতিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক প্রতিনিধি ঋষি নাখৰ হাতৰ পৰা বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্রেইল অভিধান হিচাপে এই স্বীকৃতি পত্ৰ গ্ৰহণ কৰে ‘হেমকোষ ব্ৰেইল’ৰ প্ৰকাশক আৰু ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক তথা ‘সাদিন প্রতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই।

এই ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ৰাজ্যৰ কেইবাগৰাকীও প্ৰাক্তন উপাচার্যকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যাপক, অসম সাহিত্য সভা প্ৰমুখ্যে বিভিন্ন সাহিত্য অনুষ্ঠান, দল-সংগঠনৰ নেতা, সাংবাদিক, শিক্ষার্থীকে ধৰি সৰ্বস্তৰৰ লোক।

উল্লেখ্য যে, যোৱা ২৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই ইমেইলৰ জৰিয়তে ‘সাদিন প্রতিদিন গোষ্ঠী’ৰ সঞ্চালক ঋষি বৰুৱালৈ হেমকোষ ব্রেইলে অভিধানখন বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে অভিলেখ গঢ়াৰ বিষয়ে অৱগত কৰিছিল।

সেই উদ্দেশ্যেই হেমকোষ প্রণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যু তিথি উপলক্ষে ১ মে’ত আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠানতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষই আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান কৰে। বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে স্বীকৃতি লাভ কৰা হেমকোষ ব্ৰেইলত আছে ১০ হাজাৰ ৪৬০ শব্দ আৰু ১০ হাজাৰ ২৭৯ টা পৃষ্ঠা সম্বলিত সর্বমুঠ ২১ টা খণ্ড আৰু ৬ টা উপ-খণ্ড। হেমকোষৰ চতুৰ্দশ সংস্কৰণৰ আৰ্হিত প্ৰকাশ কৰা হেমকোষ ব্ৰেইল খন ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়, দৃষ্টিহীন শিক্ষানুষ্ঠান, ৰাজ্যিক গ্ৰন্থাগাৰ আদিলৈ বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে। তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৰকাৰী ব্ৰেইল ছপাশাললৈকো এই দ্বিভাষিক অভিধানখন আগবঢ়োৱা হৈছে।

১৯ শতিকাতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা হেমকোষ অভিধান ব্রিটীছ চৰকাৰৰ তত্বাৱধানত ১৯০০ চনত প্ৰথম ছপা আকাৰত প্ৰকাশ পোৱাৰ পাছত তেওঁৰ পুত্ৰ আৰু নাতিয়ে চতুর্দশ সংস্কৰণলৈকে প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াৰ ভিতৰত চতুর্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈ জয়ন্ত বৰুৱাৰ পিতৃ দেৱানন্দ বৰুৱাই হেমকোষক পৰিৱৰ্তিত ৰূপত সম্পাদনা আৰু প্ৰকাশ কৰে যদিও ২০১২ চনত তেখেতেৰ মৃত্যুৰ পাছত চতুর্দশ সংখ্যাটি বর্তমানলৈকে তিনিবাৰ পুনৰ মুদ্রণ কৰা হৈছে।

অতি শেহতীয়াকৈ জয়ন্ত বৰুৱাৰ ব্যৱস্থাপনাত কেইবাগৰাকীও বিশিষ্ট ভাষাবিদৰ তত্বাৱধানত হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম বিগত এবছৰে অব্যাহত আছে।

উল্লেখ্য যে, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতি পত্র প্রদান অনুষ্ঠানৰ পূর্বে পূৱা এক বজাত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ভাষাৰ ওজা গৰাকীৰ পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তীৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সুদীৰ্ঘ দিন ধৰি এই প্ৰতিমূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰি অহা চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত শৰ্মাই।

Exit mobile version