Theft Arrested In Bhagaduttapur Police:মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ অভিযানত ধৃত ম’ষ্ট ৱাণ্টেড তিনি চোৰ

bhagaduttapur police

Theft Arrested In Bhagaduttapur Police:

মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপৰ মাজতে কাহিলীপাৰাৰ ভগদত্তপুৰ আৰক্ষীৰ এক অভিযানত কৰায়ত্ব হয় তিনি গভাইত চোৰ ৷

আৰক্ষীয়ে নাগালেণ্ডৰ পৰা দুখন চুৰি বাহন উদ্ধাৰ কৰাৰ লগতে ম’ষ্ট ৱাণ্টেড তিনি চোৰ ক্ৰমে জোন ডেকা, মন্টু বৰ্মন আৰু নাগালেণ্ডৰ ভিলা য়ুপথ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,যোৱা ২৬ এপ্ৰিলৰ নিশা কাহিলীপাৰৰ পৰা গভাইত চোৰ তিনিটাই এএছ ০১-এম চি -৫৪০১ নম্বৰৰ টাটা মেজিক বাহন চুৰি কৰি লৈ যায় নাগালেণ্ডলৈ উধাও ৷ আনকি এই চুৰি দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত ৷

ইতিমধ্যে আজি দুৰ্ধৰ্ষ চোৰ তিনিটাক অতি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহ্ত এএছ০১-জে চট ৬২০৬ নম্বৰৰ চুইফট ডিজায়াৰ বাহন খনৰ উপৰিও নাগালেণ্ডলৈ চুৰি কৰি নিয়া এএছ ০১-এম চি -৫৪০১ নম্বৰৰ টাটা মেজিক বাহন আৰু আন এখন চুৰি কৰি নিয়া ডি এল ২চি এ জি ৫৬৫২ নম্বৰৰ এল্ট সহ তিনিখন বাহন উদ্ধাৰ কৰে ৷

ভগদত্তপুৰ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন চোৰ তিনিটাৰ বিৰুদ্ধে ৭২১/২৩ৰ অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে মাৰাথন কৰিছে আৰু জেৰা

Exit mobile version