Change In Date For Distribution of Appointment Letters:খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণৰ দিনাংক সলনি

১১ মে'ৰ পৰিৱৰ্তে ২৬ মে'ত প্ৰদান কৰা হ'ব নিযুক্তি পত্র

hbs new

Change In Date For Distribution of Appointment Letters:

মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ নিযুক্তিপত্ৰ বিতৰণ দিনাংক সালসলনি কৰে ৷ ১১ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত প্ৰদান হ’ব নিযুক্তি পত্র

উল্লেখ্য যে,বিশাল নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থকাৰ কথা আছিল যদিও মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী গৰাকী ব্যস্ত থকা বাবে এঘাৰ মে’ৰ অনুষ্ঠান বাতিল কৰা হয় ৷

২৬ মে’ত গৃহমন্ত্ৰীৰ উপস্থিতি নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷ উল্লিখিত দিনা নেচনেল ফ্রেঞ্চাইজিক ইউনিভাৰ্ছিটি ৰ আধাৰশিলাও স্থাপন কৰিব গৃহ মন্ত্ৰী গৰাকীয়ে ।

একেদৰে খানাপাৰাৰ বিশাল নিযুক্তি অনুষ্ঠানতে এক লাখ নিযুক্তিপ্ৰাপ্ত যুৱক- যুৱতীৰ নামো ৰাজহুৱা কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version