Road Accident In Maligaon :মহানগৰীৰ মালিগাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা

সেনা বাহিনীৰ বাহনৰ খুন্দাত থিতাতে নিহত স্কুলীয়া ছাত্ৰী

Maligaon accident

Road Accident In Maligaon :

মঙলবাৰে পুৱাতে মালিগাঁও তিনি নং গেটত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী স্কুলীয়া ছাত্ৰী ৷বিদ্যালয়লৈ গৈ থকা পথতে সেনা বাহিনীৰ বাহনৰ খুন্দাত মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল জানিব পৰা গৈছে। লাৱণ্য মালিগাঁও ৰে’লৱে স্কুলৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰী আছিল।

ADVERTISEMENT

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত ৷ একাংশ উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা সেনাৰ বাহন খন জব্দ কৰে ৷ অৱশ্যে পাছত আৰক্ষী উপস্থিত হৈ বাহন খন জব্দ কৰাৰ লগতে চালক জনক আটক কৰে ৷

আনহাতে উত্তেজিত ৰাইজে সমবেত হৈ জালকবাৰী থানাৰ সন্মুখত অৱস্থান কৰি দোষী সেনা জোৱানৰ শাস্তিৰ দাবী তোলে ৷
এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ পাছত যানবাহন আৰক্ষীয়ে অতি তৎপৰতাৰ পথটো মুকলি কৰে ৷

Exit mobile version