Angarag Papon Mohanta Admitted To Mumbai hospital:অসুস্থ অংগৰাগ পাপন মহন্ত

মুম্বাইত কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত, চিকিৎসাধীন জনপ্ৰিয় কন্ঠশিল্পী গৰাকী

papon

Angarag Papon Mohanta Admitted To Mumbai hospital:

দেশৰ জনপ্ৰিয় কন্ঠ শিল্পী অংগৰাগ পাপন মহন্ত অসুস্থ ৷ হঠাতে অসুস্থ অনুভৱ কৰাত বৃহস্পতিবাৰে নিশাই ভৰ্তি হয় মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত ৷

উল্লেখ্য যে,চিকিৎসালয়ত শিল্পী গৰাকীক এটেন্ডেঞ্চ হিচাপে থাকে তেওঁৰ তেৰ বছৰীয়া কিশোৰ পুত্ৰ গৰাকী ৷ এই কথা ফেচবুকৰ জৰিয়তে উল্লেখ কৰি এক আৱেগিক পষ্ট’ কৰিছে স্বয়ং পাপনে ৷

প্ৰাপ্ত খবৰ অনুসৰি শিল্পী গৰাকীক চিকিৎসালয় খনৰ এটা বিশেষ চিকিৎসকৰ দলে চিকিৎসা অব্যাহত আছিল ৷ বৰ্তমান তেওঁ সুস্থিৰ বুলি প্ৰকাশ কৰিছে চিকিৎসকে ৷

আনহাতে শিল্পী গৰাকী হাস্পতালত ভৰ্তি হোৱাৰ খবৰ পাই বহু অনুৰাগী উপস্থিত হয় চিকিৎসালয়ত ৷ সকলোৱে আশা কৰে শীৰ্ঘেই আৰোগ্য হৈ উঠক পাপন ৷

Exit mobile version