SCERT Scam Case Update :ধৃত শেৱালী দেৱী বিয়াগোম আয়বহির্ভূত সম্পত্তিৰ গৰাকী , উৎস বিচাৰি আৰক্ষীৰ অভিযান

পঞ্চায়ত-গ্রামোন্নয়নত অধিষ্ঠিত হৈ থাকোতে লাভ কৰিছিল 'আলাদ্দিনৰ চাকি, পাঁচটা গোপন বেংক একাউণ্ট খুলি কৰিছিল লুণ্ঠন

sewali devi sarma

SCERT Scam Case Update :

প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সংগঠিত ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত তথ্য সম্প্রতি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা নিলম্বিত IAS বিষয়া শেৱালী দেৱী শৰ্মা (৫৮)ৰ আছে বিয়াগোম আয়বহির্ভূত সম্পত্তি।

১০৫ কোটিটকীয়া দুৰ্নীতিৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে অভিযান অব্যাহত ৰখাৰ মাজতে ধৃত বিষয়াগৰাকীৰ এটাৰ পাছত আন এটা কলংকিত অধ্যায় পোহৰলৈ আহিছে। এ চি এছ বিষয়াৰূপে ১৯৯২ ত যোগদানৰ পাছত বিষয়াগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিষয়ে তেওঁৰ আয় বর্হিভূত সম্পত্তিৰ পাহাৰ দেখিয়েই তদন্তকাৰী দল নিশ্চিত হৈ পৰিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ১৯৯২ ৰ২৬ জুনত শৰ্মাই দতমাত ৰাজহ চক্ৰ বিষয়া (সংযুক্ত) হিচাপে চাকৰিত যোগদান কৰিছিল। দতমাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাত্ৰ চাৰি মাহ কাৰ্যনিৰ্বাহ কৰিয়েই অজ্ঞাত শক্তিৰ বলত মৰিগাঁৱৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰ দায়িত্ব লাভ কৰিছিল। মৰিগাঁৱত প্রায় ২০ মাহ থাকি ১৯৯৪ৰ পৰা ১৯৯৭লৈ শৰ্মাই প্ৰাগজ্যোতিষপুৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৭ৰ পৰা ১৯৯৯লৈ তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ প্রশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে শৰ্মাই প্রায় পাঁচ বছৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ উপ-সঞ্চালকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই সময়ছোৱাতে শেৱালী দেৱীয়ে আলাদ্দিনৰ চাকি লাভ কৰিছিল ৷

১৯৯৯ৰ পৰা ২০০৩লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উপ-সঞ্চালক হৈ থকাৰ সময়তে তেওঁ বৃহৎ ক’লা ধনৰ গৰাকী হৈ পৰিছিল আৰু তেওঁৰ পৰিয়াললৈ অভাবনীয় পৰিৱৰ্তন আছিল। চৰ্চিত খবৰ অনুসৰি, সেই সময়ত ধৃত বিষয়াগৰাকীৰে উৎকোচৰ নামত এশ টকাও এৰি দিয়া নাছিল আৰু উৎকোচ নিদিলে ফাইল এটা চোকত দলিয়াই পেলাই দিছিল। ইয়াৰ পাছতে ২০০৩-২০০৪ত বিষয়াগৰাকীয়ে ৰাজনীতি (এ) বিভাগৰ বিশেষ বিষয়াৰূপে, ২০০৪-২০০৬ ত নলবাৰীৰ অতিৰিক্ত সহকাৰী আয়ুক্ত আৰু ২০০৬-২০০৭ত নলবাৰী সদৰৰ ৰাজহ চক্ৰ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ পাছতে ২০০৭ৰ পৰা ২০১৪ লৈ বিষয়াগৰাকীয়ে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অবৰ সচিব আৰু উপ-সচিবৰ দায়িত্বত আছিল। ২০১৪-২০১৫ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ-সচিবৰ পাছতে ২০১৫ৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিব আৰু সচিবৰ লগতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্রাথমিক শিক্ষা বিভাগৰ পাছতে শৰ্মাই আইএএছলৈ মনোনীত হৈ কৃষি বিভাগত সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে এই সমগ্ৰ কেলেংকাৰি পোহৰলৈ আহিছিল আৰু যোৱা ১৮ মাৰ্চত পদৰ পৰা তেওঁক নিলম্বন কৰা হৈছিল।

উল্লেখ্য যে ২০১৫ৰ পৰা ২০২১লৈ প্ৰাথমিক শিক্ষা বিভাগত শৰ্মাই ছবছৰ কাৰ্যনিৰ্বাহ কৰি একপ্ৰকাৰ কাৰ্যালয়টোৰ উঠি ৰজা-বহি ৰজা হৈ পৰিছিল। বিভাগৰ বিভিন্ন উন্নয়নমূলক কাম দুই জোঁৱায়েকৰ সহযোগিতাত ধৃত শৰ্মাই নিজেই কৰি গৈছিল বুলি তদন্তকাৰী আৰক্ষী সূত্ৰই সদৰী কৰিছে।

বিশেষকৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক হৈ থকাৰ সময়ত বিভাগীয় অনুমোদন নোহোৱাকৈ পাঁচটাকৈ বেংক একাউন্ট খোলাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। সম্প্রতি এই বেংক একাউন্টকেইটা আৰক্ষীয়ে জব্দ কৰিছে আৰু এই একাউণ্টত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে।

সম্প্রতি একাউন্টকেইটাত টকা নাই যদিও দুই জোঁৱায়েক আৰু সৰু জীয়েকক সংগী কৰি ধনবাশি ধৃত শর্মাই উলিয়াই লৈ গৈছিল বুলি তদস্তত পোহৰলৈ আহিছে।

ইফালে, ক্ষমতাত থকাৰ সময়ত উৎকোচৰ নামত এশ টকাও এৰি নিদিয়া নিলম্বিত আইএএছ বিষয়া শেৱালীৰ পৰিয়ালৰ গৰিষ্ঠসংখ্যক সদস্যৰে ফ্লেট থকাৰ তথ্য আৰক্ষীৰ তদন্তৰ পোহৰলৈ আহিছে। শেৱালীয়ে বাস কৰা এপার্টমেণ্টত পৰিয়ালৰ কে’বাজনো সদস্যৰ ফ্লেট থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।

উল্লেখ্য যে প্রাথমিক শিক্ষা বিভাগৰ উপৰি ৰাজহ চক্ৰ বিষয়া আৰু পঞ্চায়তৰ উপ-সঞ্চালক হৈ থকাৰ সময়ত অর্থাৎ এই তিনিটা বিভাগত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বৃহৎ বনৰ গৰাকী হৈ পৰিছিল। যিবোৰ ক’লা ধন খৰচ কৰিবলৈ শেৱালীয়ে পৰিয়ালৰ সদস্যৰ নামত ফ্লেট ক্ৰয় কৰাৰো অভিযোগ আছে।

সম্প্রতি ধৃত বিষয়াগৰাকীৰ সম্পত্তিৰ পাহাৰ দেখিও স্বয়ং তদন্তকাৰী আৰক্ষীৰ চকু কপালত উঠিছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ইডিত গোচৰ তৰাৰো যো-জা চলিছে। সম্প্রতি পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত থকা বিষয়াগৰাকীক অহা সোমবাৰে তদন্তকাৰী আৰক্ষীয়ে আদালতত হাজিৰ কৰি পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত ধৃতক লৈ আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই বহু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ২০১৭ পৰা ২০২২লৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদৰ সঞ্চালকৰ দায়িত্বত থকা সময়ত ধৃত শৰ্মাই বিভাগীয় অনুমোদন নোহোৱাকৈ নিজৰ দেৱী ফার্মসহ মুঠ পাঁচখন ফাৰ্মক ১০৫ কোটি টকাৰ ঠিকা আৱণ্টন দিছিল।

বিশেষকৈ বিদ্যালয়ত স্মার্ট ক্লাছ, লেট্রিন-বাথৰূম, লোহাৰ গেট, দেৱালকে ধৰি বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ নামত এই ধনৰাশি মোকলাই দিয়া হৈছিল যদিও নিম্ন মানৰ কামৰ লগতে নামমাত্ৰ কাম কৰা দেখুৱাই বৃহৎ অংশৰ ধন হৰলুকি কৰা হৈছিল। ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকীৰ কোষে ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/৪০৬/৪০৯/২০১ /৪২০/৪৬৮/৪৭১, পিচি এই ১৯৮৮ৰ আৰ ডব্লিউ ছেকচন ৭(এ)/১২/১৩(১)এ/১৩(২), অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইন-২০০৫ৰ আৰ ডব্লিউ ছেকচন আঠ আৰু অসম ৰাজহুৱা ক্ৰয় আইন-১০১৭ৰ আৰ ডব্লিউ ছেকছন ৪১ অধীনত 03 / 2020 নম্বৰত এক গোচৰ ৰুজু কৰি বৰ্তমানলৈ বিষয়া-ঠিকাদাৰসহ ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ধৃত শেৱালীৰ সৰু জী বিজিতা শর্মা, তেওঁ স্বামী অজিত পাল সিং, বৰ জোঁৱাই তথা কংগ্ৰেছ নেতা বাজেশ যোশীও আছে। ইয়াৰ উপৰি তদন্তকাৰী সংস্থাটোৱে ঠিকাদাৰ ৰাহুল আমিন, পৰিষদৰ উপ-সঞ্চালক তথা নডেল বিষয়া ড এল এন সোণোৱাল, কাৰ্যালয়টোৰ গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেনোগ্রাফাৰ ৰুবুল আলী, কাৰ্যালয় সহায়ক রমিজউদ্দিন আহমেদ আৰু চনদপ্রাপ্ত হিচাপৰক্ষক ( চিত্র ) সাংগ ম’ৰেক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ধৃত শেৱালীসহ ঠিকাদাৰ আমিন আৰু জোঁৱায়েক সিং সম্প্ৰতি তদন্তকাৰী আৰক্ষীৰ জিম্মাত আছে।

Exit mobile version