Manas National Park:মানাহত আজিৰে পৰা হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্‌টিংৰ অন্ত

৫ জুনলৈকে খোলা থাকিব জীপ ছাফাৰি

manas

Manas National Park:

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা অন্ত পৰিল হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্‌টিঙৰ৷ অৱশ্যে অহা পাঁচ জুনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে জীপ ছাফাৰিৰ ব্যৱস্থা অব্যাহত থাকিব ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২ অক্টোবৰত পৰ্যটকৰ বাবে মানাহৰ দ্বাৰ মুকলিৰ লগে লগেই আৰম্ভ হৈছিল হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্‌টিঙৰো ব্যৱস্থা ৷

মানাহলৈ অহা দেশী-বিদেশী পৰ্যটকৰ বাবে অৰণ্যত হাতী ছাফাৰিৰ লগতে খৰস্ৰোতা বেঁকী নৈত ৰিভাৰ ৰাফ্‌টিঙো আছিল পৰ্যটনৰ এক মুখ্য আকৰ্ষণ৷ মূলতঃ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত পৰ্যটকে হাতী ছাফাৰিৰ জৰিয়তে গঁড়, হাতীৰ জাক, পহুৰ জাক, বনগৰু, ম’হ, বাঘ আদি বিভিন্ন বন্যজন্তু দৰ্শন কৰি আপ্লুত হৈছিল ৷

একেদৰে মথনগুৰিৰ পৰা বিশপানী কেম্পলৈকে বেঁকী নৈত কৰোৱা ৰিভাৰ ৰাফটিঙৰ সময়তো বেঁকী নৈৰ বলুকাত অন্যান্য বন্যপ্ৰাণীৰ লগতে পৰ্যটকে বাঘৰো দৰ্শন লাভ কৰিছিল ৷ পৰ্যটকৰ আকৰ্ষণ এই হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্‌টিঙৰ পৰা মানাহ কৰ্তৃপক্ষয়ো লাভ কৰিছিল বুজন পৰিমাণৰ ৰাজহ ৷

কালি ৰাষ্ট্ৰীয় উদ্যানখনত শেষবাৰৰ বাবে পৰ্যটকক হাতী ছাফাৰি আৰু ৰিভাৰ ৰাফ্‌টিঙ কৰোৱা হয়, কালি শেষৰটো ৰিভাৰ ৰাফ্‌টিঙতো পৰ্যটকৰ দলে ঢেঁকীয়াপতীয়া বাঘৰ দৰ্শন লাভ কৰে ৷

উল্লেখযোগ্য যে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত সৰ্বমুঠ ৬১ টা বিভাগীয় পোহনীয়া হাতী আছে, যাৰ ভিতৰত নিৰ্দিষ্ট কেইটামান হাতীক ছাফাৰিৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷

ইফালে দৈমালু, চামেলি, প্ৰমিলা, মীৰা, মোহন আদি বিভাগীয় হাতীসমূহক নিতৌ মাউতে গা-পা ধুৱাই, সময়ে সময়ে নখ কাটি দিয়া, দাঁতৰ যতন লোৱা আদি পৰিচৰ্যা অব্যাহত ৰাখে এই মহল কেম্পতে ৷ এই হাতীৰ পৰিচৰ্যাৰ দৃশ্যও পৰ্যটকে উপভোগ কৰাৰ ব্যৱস্থা মানাহ কৰ্তৃপক্ষই কৰিছিল যদিও সেয়াও আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ হ’ল ৷

Exit mobile version