Sangita Dutta Case Update:ডাঃ সংগীতাই তোলনীয়া শিশুক কৰা অকথ্য নিৰ্যাতন ন ন তথ্য পোহৰলৈ

ইগৰাকীৰ পিছত সিগৰাকীকৈ পৰিছে আৰক্ষীৰ জালত, শিশু নিৰ্যাতনৰ ঘটনাত পুনৰ আটক এগৰাকী মহিলা, ডাঃ সংগীতাই ক্রয় কৰাৰ সময়ত তোলনীয়া শিশুদ্বয় নাছিল নৱজাতক, একে কাপোৰ পিন্ধাই যমজ সন্তান বুলি ২০১৯ত পৰিচয় দিছিল

G

Sangita Dutta Case Update:

ভদ্ৰতাৰ মুখা পিন্ধি দুই শিশুক অকথ্য নির্যাতন চলাই সম্প্ৰতি ৰঙাঘৰৰ আলহী হোৱা মহানগৰীৰ চিকিৎসক দম্পতীয়ে শিশুদ্বয়ক ধনৰ বিনিময়ত ক্ৰয় কৰাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ।

যি সময়ত ডাঃ সংগীতা দত্তই দুই শিশুক ক্ৰয় কৰিছিল, সেই সময়ত শিশুদ্বয় নৱজাতক নাছিল বুলি অভিযোগ উঠিছে। দুই শিশুক একে পোছাক পিন্ধাই তেওঁলোকৰ যমজ সন্তান বুলি চিনাকি দি ২০১৯ৰ ডিচেম্বৰত শিশুদ্বয়ক সমাজৰ আগত চিকিৎসক দম্পতীয়ে ৰাজহুৱা কৰিছিল।

সেই সময়ত শিশুদ্বয় প্রায় আঠ-নমহীয়া আছিল। ইয়াৰ পাছতে চিকিৎসক দম্পতীয়ে শিশুদ্বয়ৰ প্ৰথম জন্মদিনো আয়োজন কৰিছিল। উল্লেখ্য যে ভুক্তভোগী কন্যা শিশুটিৰ জন্মদাত্ৰীৰ পৰিচয়মাতৃৰ সন্দৰ্ভত আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে।

ল’ৰা শিশুটো ৫০ হেজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰাৰ কথা ধৃতই স্বীকাৰ কৰিছে যদিও এই সমগ্ৰ ঘটনাত এতিয়াও বহু দিশ পোহৰলৈ আহিবলৈ বাকী আছে বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে। ঘটনাৰ সন্দৰ্ভত ধৃত চিকিৎসক দম্পতীৰ লগত উৎপলাক মুখামুখিকৈ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও দুয়ো পক্ষই স্বীকাৰ কৰা ভাষাত আৰক্ষীয়ে অমিল পাইছে।
উল্লেখ্য যে যোৱা পাঁচ মে’ত ৰিহাবাৰীস্থিত ৰ’মা এনক্লেভ চিকিৎসক দম্পতীৰ বাসগৃহৰ ছাদৰ পৰা চাৰে তিনিবছৰীয়া কন্যা শিশুক প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সমগ্র ঘটনা পোহৰলৈ আহিছিল।

শিশুদ্বয়ৰ ওপৰত যৌন নির্যাতন চলোৱা তথ্য স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছতে পক্স আৰু শিশু ন্যায় আইনৰ অধীনত ১৯৩/২০২৩ আৰু ২০১/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ডাঃ বলিউল ইছলাম, বনকৰা মহিলা লক্ষী ৰয়, ডাঃ সংগীতা দত্ত, বনকৰা যুৱতী কাবাইক গ্ৰেপ্তাৰ কৰাৰ পাছতো শিশুদ্বয়ক যোগান ধৰাৰ অভিযোগত শেহতীয়াকৈ উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছিল।

বসুক গ্ৰেপ্তাৰ কৰাৰ পাছতেই শিশু সৰবৰাহ আৰু বিক্ৰীৰ আন এক দিশ পোহৰলৈ আহে আৰু সম্প্ৰতি এই দিশত অধিক গুৰুত্ব দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

স্মতৰ্ৱ্য যে,নিতৌ নতুন মোৰ চিকিৎসক দম্পতীৰ শিশু নির্যাতন ঘটনাৰ। আটকাধীন আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা ভাগত মহানগৰ আৰক্ষীয় বৰপেটাৰ পৰা আটক কৰে আন এগৰাকী মহিলা গৰাকীক ।

উল্লেখ্য যে,ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল ডাঃ সংগীতাৰ মুখ্য সহায়কাৰী উৎপলা বসুৱে। আনহাতে আজি অন্ত পৰিব ডাঃ ৱালিউল ইছলামৰ জিম্মাৰ ম্যাদ ।

আজি পুনৰ আদালতত হাজিৰ কৰাব ৱালিউল ইছলামক। পাঁচদিনৰ আৰক্ষীৰ জিম্মাত আছিল ৱালিউল ইছলাম। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আজিলৈ আৰক্ষী জালত পৰিছে আঠ গৰাকীকৈ লোক। আঠগৰাকীৰ ভিতৰতে গ্ৰেপ্তাৰ হৈছে চিকিৎসক সংগীতা দত্ত, ৱালিউল ইছলাম, বন কৰা কৰ্মী লক্ষী ৰায়, কাবাই লগতে সংগীতাৰ ব্যক্তিগত সহায়িকা উৎপলা বসু আৰু মহানগৰীৰ দুই আশাকৰ্মী।

গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে ৩০৭/৩২৫/৩৪১/৩৪ ৰত লগাইছে ধাৰা। ইয়াৰোপৰি লগাইছে পক্স’এক্ট ১৯/২০ ধাৰা ৷উল্লেখযোগ্য এই আইন অনুসৰি অভিযুক্তৰ হ’ব পাৰে বিশবছৰ পৰ্যন্ত কাৰাবৰণ ৷

Exit mobile version