DGP Pressmeet In Assam Police Headquarter:জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বিআইক অৰ্পণ, বদলিৰ নিৰ্দেশ লখিমপুৰ আৰু নগাঁৱৰ এছ পিক, দুই জিলাৰ সকলো এএছ পিক বদলিৰ পৰামৰ্শ, লখিমপুৰৰ এ এছ পি লুনা নেওগক দেওবাৰে আৰক্ষী হেডকোৱাৰ্টাৰলৈ তলব, আৰক্ষীক কঠোৰ সকীয়নি ডিজিপিৰ

dgp 1

DGP Pressmeet In Assam Police Headquarter:

ৰাজ্য কপাই যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শনিবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰি কৰে যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবি আইক অৰ্পণ কৰা হয় ৷

সংবাদমেলত ডিজিপি সিঙে কয়, ১৬ মে’ মাজনিশা নগাঁৱৰ জখলাবন্ধাত সংঘটিত এক পথ দুৰ্ঘটনাত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যু হয় ৷ এই মৃত্যু বিভিন্ন মাধ্যমক বিশেষ চৰ্চিত বিষয় হৈ পৰাত প্ৰাথমিক অনুসন্ধানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তৎকালেই গোচৰটো চি আই ডিক দিয়া হয় ৷ সেই অনুসৰি বিগত তিনিদিন ধৰি চি আই ডিয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত অব্যাহত ৰখা হৈছিল ৷

আনহাতে জোনমণিৰ পৰিয়ালে তদন্ত চিবিআইক দিয়াৰ বাবে অনুৰোধ কৰাত এই বিষয়টো শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অৱগত কৰা হয় বুলি উল্লেখ কৰে ডি জি পি গৰাকীয়ে ৷ তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰিছিল ৷

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদমেলত আৰু কয় যে, আমাৰ হাতত জোনমণি ৰাভা কেন্দ্ৰীক নগাঁও থানাত এটা, লখিমপুৰ থানাত এটা আৰু জখলাবন্ধা থানাত দুটা গোচৰ ৰুজু হৈছিল। এই চাৰিওটা গোচৰ চিবিআইক দিবৰ বাবে ৰাজ্য চৰকাৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে এক আলোচনাত মিলিত হৈ নগাঁও আৰু লখিমপুৰৰ সকলো শীৰ্ষ আৰক্ষী বিষয়াৰ তাৎক্ষণিক বদলিৰ সিদ্ধান্ত লোৱা হয় ৷

ডিজি পি গৰাকীয়ে চি আই ডিৰ তদন্ত সন্দৰ্ভত কয়, ‘‘চিআইডিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো সন্দেহ নাই। কিন্ত ৰাইজৰ জনমত, আবেগ আৰু অনুভূতিৰ লগতে জোনমণি পৰিয়ালৰ দাবীৰ প্ৰতি সহাৰী জনাই নিৰপেক্ষতাৰ স্বাৰ্থত চি বি আইক দিয়া হয় ৷  এনে প্ৰেক্ষাপটত এতিয়া সকলোৰে আশাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিবি আই ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সন্থাটোৱে অতি স্বচ্ছ আৰু সঠিক ৰূপত তদন্ত কৰি সকলো দিশ উন্মোচিত কৰিব ৷’

নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে শুক্ৰবাৰে নিশাৰ পৰা ৰাজ্যৰ কে’বা খনো জিলাত আৰক্ষী অভিযান চলাই ৭১জন নকল সোণৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সেই অনুসৰিলখিমপুৰত ১০,বিশ্বনাথত ১০,শোণিতপুৰৰ চাৰিদুৱাৰত ৭,ৰঙাপাৰাত তিনি,গহপুৰত তিনি, মৰিগাঁওত ৮ নকল সোণৰ বেপৰীৰ লগতে বঙালমাৰা পৰা নকল সোণ সহ ৬.৫০ লাখ টকা আৰক্ষীয়ে জব্দ কৰাৰ কথা সদৰি ডি জি পি গৰাকীয়ে ৷

৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰ আশ্বাসো প্ৰদান কৰে ডিজিপি জি পি সিঙে। আনহাতে আৰক্ষীক কঠোৰ সকীয়নি প্ৰদান কৰি কয়, অপৰাধজনিত কাৰ্যত জড়িত যিকোনো আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰিব আৰক্ষী মুখ্য কাৰ্যালয়। এই ক্ষেত্ৰত কাকোৱে কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

উল্লেখ্য যে,জোণমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডিয়ে যোৱা তিনিদিন ধৰি অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে সন্ধিয়া নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা,নগাঁও সদৰ আৰক্ষী থানাৰ অ’চি মনোজ ৰাজবংশী, লক্ষীমপুৰ সদৰ আৰক্ষী থানাৰ অ’চি ভাস্কৰ কলিতা আৰু নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক ৰিজাৰ্ভ ক্ল’জ কৰে অসম আৰক্ষী হেডকোৱাৰ্টাৰে ৷

Exit mobile version