Education Department New Notification:শিক্ষানুষ্ঠানত নচলিব জিন্স-টি-চার্ট,পিন্ধিব লাগিব ফর্মেল পেন্ট- চার্ট

শিক্ষা বিভাগৰ অধিসূচনা জাৰি

RPEGO

Education Department New Notification:

শিক্ষানুষ্ঠান সমূহত এতিয়াৰ পৰা নচলিব জিন্স-টি-চার্ট৷ পিন্ধিব লাগিব ফর্মেল পেন্ট- চার্ট৷এই সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ নিৰ্দেশ ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ জাৰি কৰিছে শিক্ষা বিভাগে ৷

নতুন নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানত জিন্স, লেগিংছ, টি-চাৰ্ট পৰিধানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে শিক্ষকে পিন্ধিব লাগিব ফ’ৰ্মেল চার্ট-পেন্ট। একেদৰে শিক্ষয়িত্ৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ, শাৰী ।

‘ড্রেছ ক’ড’ৰ বিশেষ নিয়মাৱলীত উল্লেখ কৰা অনুসৰি মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব শিক্ষক-শিক্ষয়িত্রীয়ে। অৱশ্যে শিক্ষয়িত্রী সকলে মাৰ্জিত চুড়িদাৰ-কামিজ পিন্ধিব পাৰিব কিন্ত জিনছ-লেগিংছ, টি-চাৰ্ট পৰিধান কৰিব নোৱাৰিব কোনো শিক্ষয়িত্রীয়ে।

ইতিমধ্যে এই অধিসূচনাৰ ‘ড্রেছ ক’ড’ৰ বিশেষ নিয়মাৱলীত প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যৰ সৰ্বত্ৰে বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে ৷

বহু শিক্ষক-শিক্ষয়ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰী এই নিয়মাৱলীৰ পূৰ্বৰে পৰা মাৰ্জিত সাজ পোছাক পিন্ধি বিদ্যালয়লৈ আহে শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷

Exit mobile version