Siddarmaiah And Shiv Kumar Take Oath:কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ছিদ্দাৰামাইয়া

উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয় প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে

karnataka 1 1

Siddarmaiah And Shiv Kumar Take Oath:

অৱশেষত অন্ত পৰিল উৎকণ্ঠা ৷ সাতদিন ধৰি চলি থকা নানান জল্পনা -কল্পনা অন্ত পেলাই কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে আজি শপত লয় ৷ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ছিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয় প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে

ৰাজ্যপাল থাৱাৰচান্দ গেহলটে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাই ৷ শণিবাৰে দুপৰীয়া বাংগালুৰুৰ শ্ৰীকান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী বাদ্ৰা,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, এন চিপি মুৰব্বী শৰদ পাৱাৰ,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উৰ্ধৱ থাকৰে,চিপিএমৰ জ্যেষ্ঠ নেতা সীতাৰাম য়েচুৰী,ডি ৰাজা সহ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি মুখ্যমন্ত্ৰীৰ আসনকেন্দ্ৰিক বাদ বিবাদ অব্যাহত আছিল কৰ্ণাটকত ৷
মনকৰিবলগীয়া যে, ছয়দিন ধৰি চলা মাৰাথন আলোচনাৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ হাইকামাণ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নাম। সেই অনুসৰি ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী আৰু ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে ঘোষনা কৰে কংগ্ৰেছে।

উল্লেখ্য যে,কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ১৩ মে’ত ঘোষণা হোৱাৰ পাছৰে পৰা যোৱা ছদিন ধৰি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত নতুন দিল্লীৰ ১০ নং জনপথত ব্যাপক তৎপৰতা অব্যাহত আছিল ৷ এনে প্ৰেক্ষাপটৰ মাজতে মুখ্যমন্ত্ৰীত্বৰ দুই দাবী দাৰৰ অন্যতম জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াক হাইকামাণ্ডে নতুন দিল্লীলৈ তলৱ কৰাৰ পাচত বিগত তিনিদিন ধৰি দিল্লীত বাহৰ পাতি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে ঘনে ঘনে বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ১০ নং জনপথত সাক্ষাৎ কৰে ছিদ্দাৰামাইয়াই ৷

আনহাতে বুধবাৰে মুখ্যমন্ত্ৰীৰ আন এজন শক্তিশালী দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰেও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে এক বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সুকীয়া সুকীয়াকৈ ১০ নং জনপথত সাক্ষাৎ কৰে ৷

কিন্ত আবেলি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নামত মোহৰ মাৰিব পৰা নাই কংগ্ৰেছ হাইকামাণ্ডে৷ দুয়োজনে মুখ্যমন্ত্ৰীত্বৰ পদৰ বাবে আকোৰগোজ হৈ থাকে ৷ যাৰবাবে হাইকামাণ্ড-এ চুড়ান্ত সিদ্ধান্ত লোৱাত বিলম্ব হৈছে ৷ আনকি কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ৫০-৫০ ফৰ্মুলাক লৈ আলোচনা চলে ৷

জ্যেষ্ঠ কংগ্ৰেছৰ নেত্ৰী ছোনীয়া গান্ধী,ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ দুয়োজনক মুখামুখিকৈ বহাই এক চুড়ান্ত সিদ্ধান্তত উপনিত হ’বৰ বাবে কুজকাৱাজ তীব্ৰ কৰি তুলিছিল নিশালৈ সেই অনুসৰি দুয়োজনকে মুখামুখি বহাই মতামত লয় ৷

Exit mobile version