Gossaigaon:গোসাইগাওঁত শিক্ষকে ঘুৰাই দিলে শিক্ষাসেঁতু আঁচনিৰ টেবলেট

teacher Tablet

Gossaigaon:

চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাক লৈ কোকৰাঝাৰ জিলাৰ কচুগাওঁ‌ শিক্ষা খণ্ডত প্ৰতিখন বিদ্যালয়ত টেবলেট যোগান ধৰাত ঘুৰাই দিলে শিক্ষাসেঁতু আঁচনিৰ টেবলেট।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সিদ্ধান্ত অনুযায়ী গোসাইগাওঁ‌ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত লোৱা হয় টেবলেট ঘুৰাই দিয়া কাৰ্যসূচী।

মহকুমাখনৰ গোসাইগাওঁ‌ শিক্ষা খণ্ড আৰু কচুগাওঁ‌ শিক্ষা খণ্ডৰ লগতে বড়ো প্ৰাইমাৰী এচোছিয়েছনৰ বিদ্যালয়ৰ শিক্ষকসকলে বড়ো শিক্ষা বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়ে টেবলেট সমূহ।

উল্লেখ্য যে চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন দ্বায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।যাৰ ফলত চলিত মে’ মাহৰ ২ তাৰিখৰ পৰা ২১ মে’লৈ শিক্ষাসেঁতুৰ বিভিন্ন কাৰ্যসূচীত অসহযোগ কৰিছে শিক্ষকে।

অনাগত দিনত চৰকাৰে উক্ত দাবী সমূহ মানি নললে আগন্তক দিনত গনতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হব বুলি উল্লেখ কৰে গোসাইগাওঁ‌ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তুলসী কুমাৰ ৰায়ে।

Exit mobile version