Dibrugarh Iit Student Body :খৰগপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মানৱ অৱশেষ আজি বিমানেৰে কলকাতালৈ

iit student

Dibrugarh Iit Student Body :

খৰগপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ, অসম সন্তান, ফাইজান আহমেদৰ মানৱ অৱশেষ আজি বিমানেৰে কলকাতালৈ লৈ যোৱা হৈছে ।

ফাইজনৰ পিতৃ মাতৃৰ লগতে পশ্চিম বংগ আৰক্ষীৰ এজন আৰক্ষী বিষয়া আজি পুৱা ১১ বজাত ইণ্ডিগো বিমানেৰে মৃতদেহটোৰ সৈতে উৰা মাৰে । বাকী তিনিজন পশ্চিম বংগ আৰক্ষীৰ সদস্য আজি দুপৰীয়া ১:৩৫ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে কলকাতালৈ ৰাওনা হয়।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দ্দেশ অনুসৰি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতা মেডিকেল কলেজলৈ নিয়া হব ফাইজানৰ মৃতদেহ।

কালি ডিব্ৰুগড় আমোলাপট্টি কবৰস্থানৰ পৰা উলিওৱা হৈছিল ফাইজান আহমেদৰ মানৱ অৱশেষ। কালি অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হৈছিল মৃতদেহটো।

দ্বিতীয় বাৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে আজি লৈ যোৱা হৈছে মেধাবী ছাত্ৰ ফাইজানৰ মৃতদেহ । ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিওৱা হৈছিল মংগলবাৰে।

কলকতাত দ্বিতীয় বাৰৰ বাবে পুনৰ ফাইজানৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হব। কলকতাৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশত খড়গপুৰ আইআইটিত মৃত্যু হোৱা ছাত্ৰ ফাইজানৰ মৃতদেহ আমোলাপট্টী কবৰস্থানৰ কবৰত মংগলবাৰে খনন চলায় উলিওৱা হৈছিল।

খননৰ সময়ত পশ্চিমবংগ খড়গপুৰৰ তদন্তকাৰী বিষয়া বিশ্বৰঞ্জন বেনাৰ্জীসহ চাৰজনীয়া এটা দল,ডিব্ৰুগড়ৰ ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশেষজ্ঞ ডাঃ ৰেনুকা ৰংপি,গুৱাহাটীৰ ফৰেনচিক সঞ্চালকালয়ৰ চাৰিগৰাকী বিশেষজ্ঞ আৰু ফাইজানৰ অভিভাৱক,দণ্ডাধীশ গৌতম প্ৰিয়ম মহন্ত,ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) বিতুল চেতিয়া আৰু কবৰস্থান কমিটিৰ বিষয়ববীয়া উপস্থিত থাকে।

দুপৰীয়া প্ৰায় ১২ বজাত মৃতদেহটো সকলোৰে উপস্থিতিত এটা কফিনত ভৰাই অসম মেডিকেল কলেজৰ ফৰেনচিক বিভাগলৈ নি ৰাতিটো ৰখা হয়।মৃতদেহটো ফৰেনচিক বিভাগতে ৰখাৰ পাছত আজি বিমানেৰে কলিকতালৈ নিয়া হয় ।

Exit mobile version