Manipur Incident :ইম্ফলত পুনৰ হিংসাত্মক ঘটনা

ঘটনাৰ আঁৰত প্রাক্তন বিজেপি বিধায়ক !, আৰক্ষীয়ে অস্ত্রসহ গ্রেপ্তাৰ কৰিলে হেংলেপ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক থাং জালং হাউকিপ সহ দুজনক

manipur incident 2 2

Manipur Incident:

চুবুৰীয়া ৰাজ্য মণিপুৰত কিছুদিন পূৰ্বে সংঘটিত হোৱা অগ্নিগৰ্ভ পৰিস্থিতি কিছু সাম কটাৰ পাছত পুনৰ ৰাজধানী চহৰ ইম্ফলৰ নিউ চেকন অঞ্চলত সংঘটিত হৈছিল গোষ্ঠীগত সংঘাত ৷

যাৰফলত ভস্মীভূত হৈছে বহু কেইটা বাসগৃহ ৷ জুই নিৰ্বাপন কৰিবলৈ যোৱা অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত জপিয়াই পৰে সেনা বাহিনীৰ জাট ৰেজিমেণ্টৰ জোৱানে ৷আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো প্ৰহাৰ কৰে সেনাৰ জোৱানে
উল্লেখ্য যে,মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োজিত হৈ আছে সেনাৰ বহু কেইটা কোম্পানী।

আনহাতে ইম্ফলত শেহতীয়া গোষ্ঠীগত সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত আৰু উচটনি দিয়াৰ অভিযোগত প্ৰাক্তন বিজেপি বিধায়ক সহ আন দুজনক অস্ত্ৰ স’তে আটক কৰে আৰক্ষীয়ে ৷

আটকাধীন লোকজন হ’ল হেংলেপ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক থাং জালং হাউকিপ ৷ তেওঁ মণিপুৰ বিধানসভাৰো প্ৰাক্তন উপাধ্যক্ষ আছিল ৷

Exit mobile version