Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Incident:মণিপুৰত কিহৰ জুই ?

publisher by publisher
May 8, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Manipur Incident:মণিপুৰত কিহৰ জুই ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Manipur Incident:মণিপুৰত কিহৰ জুই ?

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

মণিপুৰ আকৌ এবাৰ হিংসাৰ জুইত জ্বলি উঠিছে। যোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা এই ৰক্তাক্ত সংঘৰ্ষত অর্ধ-শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ উপৰি হেজাৰ হেজাৰ লোক ভগনীয়াত পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্রত্যক্ষ হস্তক্ষেপ আৰু সেনা বাহিনী নিয়োগৰ ফলস্বৰূপে পৰিস্থিতি সামান্য নিয়ন্ত্ৰণলৈ আহিছে যদিও ই স্বাভাৱিক হ’বলৈ যে যথেষ্ট সময়ৰ প্রয়োজন হ’ব সেয়া নিশ্চিত।

ৰাজ্যখনৰ জনজাতীয় আৰু -অজনজাতীয় সম্প্রদায়ৰ মাজত সংঘটিত এই ভয়াৱহ সংঘৰ্ষৰ সূত্রপাত হঠাতে হোৱা নাই। দীৰ্ঘদিন ধৰি যেনেদৰে ইয়াৰ উকমুকনি চলি আছিল, তেনেদৰেই ইয়াৰ মীমাংসাও যে দীর্ঘসূত্ৰী হ’ব তাত সন্দেহ নাই। সদ্যহতে পৰিৱেশ যদি আৰু অধিক জটিল হৈ নপৰে, তেন্তে সেয়াই হ’ব সাময়িক সকাহ।

দৰাচলতে মণিপুৰৰ ভৌগোলিক আৰু জনগাঁথনিগত অৱস্থানতে কেতবোৰ জটিলতা নিহিত হৈ আছে। ৰাজ্যখনৰ অজনজাতি মেইতেসকল মুঠ জনসংখ্যাৰ ৫৩ শতাংশ। মেইতেসকলৰ বৃহৎ অংশ হিন্দু তথা ঘাইকৈ বৈষ্ণৱপন্থী হোৱাৰ বিপৰীতে কিছু অংশ ইছলামধর্মী। মেইতেসকলে ইম্ফল উপত্যকাত বাস কৰে। ৬০ জনীয়া মণিপুৰ বিধানসভাৰ ৪০ জন বিধায়কেই মেইতে সম্প্ৰদায়ৰ। সৰ্ববৃহৎ জনগোষ্ঠী তথা সর্বাধিক সংখ্যক বিধায়ক হোৱা হেতুকে দল নির্বিশেষে মণিপুৰ প্ৰতিখন চৰকাৰতে মেইতেসকলে আধিপত্য বিস্তাৰ কৰি আহিছে।

সেয়েহে চৰকাৰৰ বিভিন্ন পদক্ষেপক সততে সন্দেহৰ চকুৰে চায় জনজাতীয়সকলে। ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ স্বীকৃতি ভোগ কৰি অহা ৩৩ টা জনগোষ্ঠী কুকি আৰু নগা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। তেওঁলোক ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ। এই জনজাতীয় লোকসকলে প্ৰধানকৈ পাহাৰ অঞ্চলত বাস কৰে আৰু তেওঁলোকৰ সৰহ সংখ্যকেই খ্ৰীষ্টানধর্মী। ৰাজ্যৰ বিধানসভাত জনজাতীয় বিধায়কৰ সংখ্যা ২০ জন। ইয়াৰে ১০ জন কুকি আৰু সেইসকলৰ পাঁচজন বিজেপিৰ হোৱাৰ বিপৰীতে দুজন বিজেপি চৰকাৰৰ অংশীদাৰ দল কুকি পিপ’লছ এলায়েন্সৰ সদস্য।

লক্ষ্যণীয় যে অতি সাৰুৱা ইম্ফল উপত্যকাই মণিপুৰৰ মুঠ ২২,৩০০ বর্গকিলোমিটাৰ ভূমিৰ মাত্ৰ ১০ শতাংশ ভূমিহে আগুৰি আছে। ইয়াক চৌদিশৰ পৰা ঘেৰি আছে পাহাৰ অঞ্চলে। এই পাহাৰ অঞ্চলে ৰাজ্যখনৰ মুঠ ভূমিৰ ৯০ শতাংশ অধিকাৰ কৰি আছে। ইয়ে মণিপুৰক এখন ফুটবল ষ্টেডিয়ামৰ দৰে অৱস্থান দিছে। চৌদিশে দৰ্শকৰ বাবে গেলাৰীৰ বিপৰীতে সোঁমাজত যেন মূল খেলপথাৰ, অৰ্থাৎ ১০ শতাংশ ভূমিৰে আৱৰা ইম্ফল উপত্যকাত ৫৩ শতাংশ মেইতে জনগোষ্ঠীয়ে বাস কৰাৰ বিপৰীতে ৯০ শতাংশ ভূমি আগুৰি থকা পাহাৰ অঞ্চলত ৪০ শতাংশ জনজাতি লোকে বাস কৰে । এই পাহাৰ অঞ্চল দীর্ঘকাল ধৰি ৰাজ্যখনত অব্যাহত থকা উগ্রপন্থী কার্যকলাপৰ ঘাটিৰূপে ব্যৱহাৰ হৈ আহিছে।

এনে পৰিপ্ৰেক্ষিততে সহাৱস্থান কৰি আহিলেও সংখ্যালঘু জনজাতীয় আৰু সংখ্যাগুৰু অজনজাতীয়সকলৰ মাজত সংঘাতৰ সৃষ্টি নোহোৱাকৈ থকা নাই। সাংস্কৃতিকভাৱে অতি চহকী ৰাজ্যখনত যদি কেতিয়াবা জনজাতীয় কুকি আৰু নগা সম্প্ৰদায়ৰ মাজতে সংঘৰ্ষৰ সূত্ৰপাত হৈছে, কেতিয়াবা আকৌ কুকি-নগাৰ স’তে অজনজাতীয় মেইতেসকলৰ সংঘৰ্ষ হৈছে। এনে এক অতি সংবেদনশীল বিষয়ক জোঁকাৰি দি শেহতীয়া সংঘৰ্ষই যে উভয় পক্ষৰ মাজত বিভেদ অধিক বৃদ্ধি কৰিলে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

মেইতেসকলে আশংকা প্ৰকাশ কৰি আহিছে যে ৰাজ্যখনৰ মূল অধিবাসী তথা সংখ্যাগুৰু জনগোষ্ঠী হোৱা সত্ত্বেও তেওঁলোকৰ ভূমি, ভাষা-সংস্কৃতি তথা পৰম্পৰা ভাবুকিৰ সন্মুখীন হৈছে। কিয়নো জনজাতি নোহোৱা কাৰণে মেইতেসকলে পাহাৰ অঞ্চলত ভূমি ক্রয় কৰি স্থায়ীভাৱে বাস কৰাৰ অধিকাৰ লাভ নকৰে। অথচ জনজাতীয়সকলে পাহাৰ অঞ্চলৰ উপৰি ইম্ফল উপত্যকাতো বসবাসৰ অধিকাৰ লাভ কৰে।

ফলস্বৰূপে মেইতেসকলৰ ভূমি সংকুচিত হৈ আহিছে। বহিৰাগতৰ আগ্রাসনে আগন্তুক দিনত তেওঁলোকৰ বাবে ভাবুকি কঢ়িয়াই আনিব বুলি মেইতেসকলে আশংকা প্রকাশ কৰি আহিছে। সেইবাবে তেওঁলোকে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে।

যোৱা ১৯ এপ্রিলত এই সম্পৰ্কত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এক ৰায়দানক শেহতীয়া হিংসাত্মক ঘটনাৱলীৰ তাৎক্ষণিক কাৰণৰূপে চিহ্নিত কৰা হৈছে। উচ্চ ন্যায়ালয়ে মেইতেসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনাৰ বাবে চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদন প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে।

ৰাজ্য চৰকাৰৰ অনুমোদনৰ পাছতহে কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রণালয়ে বিষয়টো পৰীক্ষা কৰিব পাৰিব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। মেইতে সংগঠনে আদালতত দাখিল কৰা আবেদনত উল্লেখ কৰে যে ১৯৪৯ৰ ২১ ছেপ্টেম্বৰত ভাৰতৰ স’তে মণিপুৰৰ চামিলকৰণৰ চুক্তিৰ সময়ত মেইতেসকলক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহ’ল; অথচ তাৰ আগলৈকে মেইতেসকল জনজাতিৰূপেই স্বীকৃত আছিল।

সেয়েহে নিজ জনগোষ্ঠীৰ লগতে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি, পৰম্পৰা, সংস্কৃতি আৰু ভাষাৰ সুৰক্ষাৰ বাবে মেইতেসকলক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবী উত্থাপন হৈ আহিছে স্বাধীনতাৰ পাছৰে পৰাই। উল্লেখ্য যে ২০১৩- মেইতে অনুসূচিত জনজাতি দাবী কমিটীয়ে প্ৰেৰণ কৰা আবেদনলৈ সঁহাৰি জনাই কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রণালয়ে এই সম্পৰ্কত নির্দিষ্ট অনুমোদন আৰু শেহতীয়া আৰ্থ-সামাজিক সমীক্ষা তথা জনগাঁথনিৰ তথ্য দাখিলৰ নিৰ্দেশ দিয়ে মণিপুৰ চৰকাৰক।

কিন্তু ৰাজ্য চৰকাৰে বিগত এক দশক ধৰি উক্ত পত্ৰলৈ সঁহাৰি প্ৰদানৰ পৰা বিৰত থাকে। মেইতে সংগঠনে ২০২২ৰ এপ্ৰিলত পুনৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রণালয়লৈ একে দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে। তাৰেই উত্তৰত মন্ত্রণালয়ে মণিপুৰ চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত স্পষ্টভাৱে কয় যে ভাৰতীয় সংবিধানৰ ৩৪২ ধাৰাৰ অধীনতহে অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰা হয়।

সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ অনুমোদন আৰু ন্যায্যতা প্ৰমাণৰ পাছতহে বিষয়টো পৰীক্ষাৰ বাবে গ্ৰহণ কৰা হয়। অৰ্থাৎ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুমোদন প্রাথমিক পদক্ষেপ। এই সুদীর্ঘ কাল যিহেতু ৰাজ্য চৰকাৰে কোনো পদক্ষেপেই গ্রহণ কৰা নাই আৰু তাৰ বাবে কোনো গ্রহণযোগ্য কাৰণো দাঙি ধৰিব পৰা নাই, গতিকে শীঘ্ৰে মণিপুৰ চৰকাৰক এই সম্পৰ্কত কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রণালয়লৈ অনুমোদন প্ৰেৰণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিয়ে। একাংশ জনজাতীয় বুদ্ধিজীৱীয়ে অৱশ্যে মেইতেসকলক জনজাতিকৰণৰ দাবীক সংখ্যাগুৰুৰ আসন সুদৃঢ়কৰণৰ এক ৰাজনৈতিক কৌশলৰূপেহে অভিহিত কৰে।

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে ৰাজ্যখনত অশান্তিয়ে উক দি উঠে। ন্যায়ালয়ে মেইতেসকলৰ জনজাতিকৰণৰ পক্ষ লোৱা বুলি জনজাতি সংগঠনসমূহ মুকলিকৈ সৰৱ হৈ উঠে। জনজাতীয় ঝুঁকি আৰু নগা সম্প্রদায়ৰ সংগঠনসমূহে পূৰ্বৰে পৰা মেইতেসকলক জনজাতিকৰণৰ তীব্ৰ বিৰোধ কৰি আহিছে। মণিপুৰৰ সদৌ জনজাতি ছাত্ৰ সন্থাই ইয়াৰ বিৰোধ কৰি কৈছে যে সংখ্যাগুৰু মেইতেসকলে পূৰ্বৰে পৰা অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লগতে আর্থিকভাৱে

পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ভোগ কৰি আহিছে। গতিকে সকলো সা-সুবিধা কেৱল মেইতেসকলেই ভোগ কৰিলে নহ’ব। তেওঁলোক কেতিয়াও জনজাতি হ’ব নোৱাৰে; কিয়নো তেওঁলোক অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু ব্ৰাহ্মণ। মেইতেসকলক জনজাতিৰ মৰ্যাদা দিলে পূৰ্বৰ জনজাতিসকলৰ ভূমিৰ কোনো সুৰক্ষাই নাথাকিব। সেইবাবে জনজাতিসকলে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসন দাবী কৰি আহিছে। লগতে তেওঁলোকে কয় যে ইতিমধ্যে সকলো দিশেৰে যথেষ্ট আগবঢ়া আৰু শক্তিশালী মেইতেসকলক অনুসূচিত জনজাতিৰূপে স্বীকৃতি প্ৰদান কৰিলে জনজাতীয়সকলৰ বাবে সংৰক্ষিত সা-সুবিধাখিনিৰ পৰাও কুকি নগাসকল বঞ্চিত হ’ব লাগিব।

উচ্চ ন্যায়ালয়ে মেইতেসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি কোনো নির্দেশ দিয়া নাছিল। বৰঞ্চ দীর্ঘদিন ধৰি বিষয়টো পৰি থকা বুলি পৰ্যবেক্ষণ দাঙি ধৰি কেন্দ্ৰলৈ অনুমোদন প্ৰেৰণ কৰিবলৈহে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল, কিন্তু তাৰেই বিৰোধ কৰি যোৱা তিনি মে’ত কুকি জনজাতি অধ্যুষিত চুৰাচান্দপুৰ জিলাত এক বৃহৎ জনজাতি সংহতি সমাবেশৰ আয়োজন কৰে মণিপুৰ জনজাতি ছাত্ৰ সন্থাই।

জনজাতি অধ্যুষিত চুবুৰীয়া জিলাকেইখনতো এনে সমাবেশ অনুষ্ঠিত হয়। বহু হেজাৰ লোকে অংশগ্ৰহণ কৰা এই সমাবেশৰ পাছৰে পৰাই শেহতীয়া ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্রপাত ঘটে। লগে লগে ৰাজধানী ইম্ফলকে ধৰি ৰাজ্যৰ অন্যান্য জিলাসমূহকো সংঘৰ্ষৰ জুয়ে ছানি ধৰে।

ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰীত সংৰক্ষিত বনাঞ্চলৰ পৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বেদখল উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা জনজাতিসকলৰ মাজত তীব্ৰ ক্ষোভে গা কৰি উঠিছিল। চৰকাৰী পক্ষই দাবী কৰিছে যে সংৰক্ষিত বনাঞ্চলত কৃষিকার্যৰ নামত অবৈধভাবে আফিঙৰ খেতি কৰা হৈছে। এই কাৰ্যত ৰাজ্যখনৰ কুকি জোমি জনজাতিসকলৰ সাতে সহযোগ কৰিছে চুবুৰীয়া ম্যানমাৰৰ পৰা অনুপ্রবেশ কৰা একাংশ লোকেও। গতিকে নিচাযুক্ত দ্ৰবাৰ এনে অবৈধ কার্যকলাপ কোনোপধ্যে চলিবলৈ নিদিবলৈ এন বীৰেন সিং চৰকাৰ বদ্ধপৰিকৰ।

এই অভিযানক মেইতে আধিপত্যবাদী ৰাজ্য চৰকাৰৰ জনজাতি বিৰুধী পদক্ষেপৰূপে চিহ্নিত কৰে কুকি নগা গোটসমূহে। যোৱা সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চুৰাচান্দপুৰ ভ্ৰমণৰ পূৰ্বে তেওঁৰ সভাস্থলী ক্ষুব্ধ জনজাতীয় লোকসকলে জুলাই ভস্মীভূত করে। লগতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ব্যায়ামাগাৰ এটিতো অগ্নিসংযোগ কৰে। জনজাতীয় সংগঠনসমূহে অভিযোগ কৰে যে এনে উচ্ছেদ অভিযানৰ দ্বাৰা চৰকাৰে জনজাতীয় খেতিয়ক তথা বাসিন্দাসকলক উচ্ছেদৰ লক্ষ্য কৰি লৈছে। পাহাৰীয়া জিলাকেইখনৰ বিভিন্ন অঞ্চলক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰি শ শ কুকি পৰিয়ালক বিতাৰিত কৰা হৈছে।

অথচ ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কুকি সংগঠনসমূহে ক্ষোভ প্রকাশ কৰে। তেতিয়াৰে পৰা ৰাজ্যৰ পাহাৰীয়া জিলাকেইখনৰ ঠায়ে ঠায়ে এনে অভিযানৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। এনে প্ৰতিবাদৰ প্ৰতিক্ৰিয়াস্বৰূপে দুটা কুকি সশস্ত্ৰ সংগঠনৰ স’তে অব্যাহত থকা ত্রিপাক্ষিক আলোচনাৰ প্ৰক্ৰিয়াৰ পৰা মণিপুৰ চৰকাৰে নিজকে প্ৰত্যাহাৰ কৰে।

প্ৰায় এদশক পূৰ্বৰে পৰা উক্ত সংগঠন দুটাৰ স’তে এক যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে আলোচনা প্রক্রিয়া চলাই অহা হৈছিল। মণিপুৰ চৰকাৰৰ কেবিনেটে এই সম্পৰ্কত এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰে যে ৰাজ্যৰ বনজ সম্পদসমূহৰ সুৰক্ষা আৰু আফিঙৰ খেতি উৎখাতৰ ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে।

এনে ক্ষোভ-অস্যষ্টিৰ মাজতে যোৱা ১১ এপ্ৰিলত ইশালৰ চৰকাৰী ভূমিত অবৈধভাৱে নির্মাণ কৰা বুলি অভিযোগ কৰি তিনিটা গির্জা চৰকাৰে উচ্ছেদ কৰাক লৈ জনজাতীয়সকলৰ মাজত ক্ষোভ বৃদ্ধি পায়। এনে সামগ্রিক উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনজাতি ছাত্ৰ সন্থাই আহ্বান কৰা সংহতি সমাবেশৰ পৰা অশান্তিব সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ নকৰাত পৰিস্থিতি নিয়ন্ত্রণহীন হৈ পৰে। এই ক্ষেত্ৰত বীৰেন সিং চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপিত হৈছে।

পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ৩৫৫ ধাৰা প্ৰয়োগ কৰিবলগীয়া হয়। এই ধাৰাৰ অধীনত কোনো ৰাজ্যক বহিঃশক্তিৰ আগ্রাসন অথবা আভ্যন্তৰীণ অশান্তিৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দায়িত্ব গ্রহণ কৰিব পাৰে। দৰাচলতে ইয়েই বীৰেন সিং চৰকাৰৰ চৰম ব্যর্থতা চৰকাৰীভাৱেই প্রতিষ্ঠা কৰিছে। কেৱল মাত্র বিজেপিৰ চৰকাৰ হোৱা হেতুকে ৩৫৬ ধাৰা প্রয়োগ কৰি ৰাষ্ট্ৰপতিৰ শাসন বলৱৎৰ পৰা বিৰত থাকি ৰাজ্যখনৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্রই গ্রহণ কৰে।

লক্ষ্যণীয় যে এই ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হোৱাৰ পূর্বেই ৰাজ্যখনৰ কুকি বিধায়কসকলৰ এটি দল নতুন দিল্লীত উপস্থিত হয় বিজেপিৰ কেন্দ্রীয় নেতৃত্বক সাক্ষাৎ কৰি মুখ্যমন্ত্রী সলনিৰ দাবী উত্থাপন কৰিবলৈ। স্বয়ং বিজেপিৰ বিধায়কসকলেই ক্ষোভ প্রকাশ কৰে যে মুখ্যমন্ত্রী সিঙৰ নেতৃত্বত চৰকাৰে ৰাজ্যখনৰ বিভিন্ন গোষ্ঠীসমূহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আহিছে। গতিকে মুখ্যমন্ত্রীৰূপে সিঙে চৰকাৰৰ লগতে দলকো ধৰি ৰখাত ব্যৰ্থ হোৱাৰ ইংগিত পৰিস্ফুট হৈছে। ৰাজ্যখনক সুস্থিৰ কৰি তুলিবলৈ চৰকাৰে এই মুহূৰ্তত শান্তিপূর্ণ সহাৱস্থানৰ পৰিৱেশ নিশ্চিত কৰিব লাগিব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mnipur IncidentPranjalsen Deka
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d