Kharghuli PipeLine Blast Update:ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ

মৃতকৰ পৰিয়াললৈ এককালীন ক্ষতিপূৰণ, তিনিজনীয়া সমিতিয়ে তদন্ত কৰিব জল বিস্ফোৰণৰ ঘটনাৰ

damagr repair

Kharghuli PipeLine Blast Update:

চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত বৃহস্পতিবাৰে মহানগৰীৰ খাৰঘুলিত সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডক অধ্যক্ষ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব তথা অস্ত্ৰুৰটৰ অতিৰিক্ত প্রকল্প সঞ্চালক ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা অম্স্ৰুতৰ অতিৰিক্ত প্রকল্প সঞ্চালক সঞ্জয় কুমাৰ মহত্তক সদস্যৰূপে লৈ এক তদন্ত সমিতি গঠন কৰা হৈছে।

এই সমিতিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি শুক্ৰবাৰে সদৰী কৰিছে কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই।

উল্লেখ্য য বৃহস্পতিবাৰে বিয়লি লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত জয়পুত জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ খাৰঘুলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচাহিল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া মূল পাইপলাইন ফাটি হোৱা জলবিস্ফোৰণে এক ভয়াবহ বিভীষিকাৰ সৃষ্টি কৰিছিল।

প্ৰচণ্ড শব্দৰে পাইপ ফাটি ওলাই অহা তীব্র বেগী পানীৰ চাপে ২০টাৰো অধিক পৰিয়ালক ক্ষতিগ্রস্ত কৰিছিল। এই ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ উপৰি প্ৰায় নজন লোক আহত হৈছিল। ইয়াৰ পাছতে আজি অভিভাৱক মন্ত্ৰী বৰাই ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।

লগতে তেওঁ নিহত সুমিত্ৰা ৰাভাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ স’তে বাৰ্তালাপ কৰি পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়, খোৱাপানী যোগান প্ৰকল্পৰ পাইপ বিস্ফোৰণৰ ফলত সংঘটিত অবাঞ্ছিত দুর্ঘটনাটোৱে সৃষ্টি কৰা পৰিস্থিতি অতি দুখজনক। ভুক্তভোগী লোকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় এই দিশটো গুৰুত্বসহকাৰে লোৱা হৈছে আৰু আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰ্যাপ্ত সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’

সমান্তৰালভাৱে মন্ত্ৰী বৰাই ঘটনাস্থলীৰ সমীপৱৰ্তী প্রাথমিক বিদ্যালয়ত ক্ষতিগ্রস্ত লোকসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিৰিত উপস্থিত হৈ লোকসকলৰ খাদ্য, স্বাস্থ্য সেৱাকে ধৰি অন্যান্য সা-সুবিধাৰ বুজ লয়। ইয়াৰ উপৰি তেওঁ জিলা প্রশাসনৰ লগত ঘটনাস্থলীতে এক বার্তালাপত অংশগ্ৰহণ কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।

লগতে তেওঁ ভবিষ্যতে যাতে এনে দুৰ্ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাও সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। ইফালে, দুর্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহায্য জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।

মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জিলা দুর্যোগ ব্যৱস্থাপনাৰ মুখ্য কাৰ্যবাহী সদস্য অজিত কুমাৰ শৰ্মাক ঘটনাৰ যথোপযুক্ত তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰকল্প ৰূপায়ণ গোটৰ অতিৰিক্ত প্রকল্প সঞ্চালক পঞ্চমী চৌধুৰীয় বৃহস্পতিবাৰৰ ঘটনাৰ কাৰণ সন্দৰ্ভত আজিৰ দিনটোৰ ভিতৰতে বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ দায়িত্ববাহী অভিযন্তা তথ্য প্রকল্প পৰিচালনাৰ পৰামৰ্শদাতা, মেছাৰ্ছ এন জে এছ কনচালটেন্ট কোম্পানী লিমিটেডক নির্দেশ জাৰি কৰিছে।

লগতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰকল্পৰ সুৰক্ষা পৰীক্ষণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰিবলৈ বিষয়াগবাকীয়ে সংস্থাটোক নিৰ্দেশ দিছে। একেদৰে আইআইটি গুৱাহাটীৰ সহযোগত জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিস্তৃত সুৰক্ষা পৰীক্ষণৰ কাম হাতত লোৱা হৈছে আৰু উপায়ুক্ত ঝাই এই সন্দৰ্ভত আইআইটি কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে প্ৰকল্পৰ সমগ্ৰ পাইপলাইন, ভাল্ভ, জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলী পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনে অনাকাংক্ষিত দুর্যোগ এৰাই চলাৰ প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে আইআইটি বিশেষজ্ঞসকলৰ সহযোগিতা কামনা কৰা হৈছে। ইফালে, বৃহস্পতিবাৰে নিশা ঘটনাস্থলী পৰিদৰ্শন কৰি বিভাগীয় মন্ত্রী অশোক সিংহলে সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্ত ঘোষণা কৰে আৰু শুক্ৰবাৰৰ পৰাই তিনিজনীয়া তদত্ত সমিতিয়ে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে।

Exit mobile version