Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ পৰা ভাৰ্ছুৱেলী ফ্লেগ অফ্ কৰে ৰে'লখনৰ, গুৱাহাটীৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

vande bharat1

Flagging Vande Bharat Express:

উত্তৰ পূবৰ বাবে আজি এক ঐতিহাসিক দিন ৷ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূব তথা অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ অত্যাধুনিক ৰে’ল খন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ পৰা ভিডিঅ কনফাৰেন্স যোগে ফ্লেগ অফ্ কৰে ৰে’লখনৰ।

ৰে’ল খন মুকলি কৰা উপলক্ষে গুৱাহাটীস্থ পল্টন বজাৰৰ ৰে’ল ষ্টেচনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া ,কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ,কেন্দ্ৰীয় জাহাজ,আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ ।

উল্লেখ্য যে, গুৱাহাটীৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ মাজত চলিব বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে নৱনিৰ্মিত নিউ বঙাইগাঁও-দুধনৈ-মেন্দিপাথাৰ ,গুৱাহাটী-চাপৰমুখৰ৯১কিলোমিটাৰৰ বৈদ্যুতিকৰণ খণ্ডটো।

আনহাতে প্ৰধানমন্ত্ৰীয়ে ভার্চুৱেলি বন্দে ভাৰত এক্সপ্লেছ ৰে’লৰ শুভাৰম্ভণি কৰাৰ উপৰিও লামডিঙত নৱনিৰ্মিত ডেমু শ্বেড উদ্বোধন কৰাৰ লগতে ১৮২ কিলোমিটাৰ দৈৰ্ঘৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰেল খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

মনকৰিবলগীয়া যে, এই খণ্ডটোৰ বৈদ্যুতিকৰণৰ সৈতে বৈদ্যুতিক ট্রেক্সন সহিত মালবাহী আৰু যাত্ৰীবাহী ৰে’ল এতিয়া দেশৰ যিকোনো প্ৰান্তৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব ৷

Exit mobile version