Famous Designer Sanjukta Dutta:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প

ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ'ল অসম ৰেচম

sanjukta 2

Famous Designer Sanjukta Dutta:

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প। অসমৰ প্ৰখ্যাত ডিজাইনাৰ সংযুক্তা দত্তই কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম। অসমৰ হস্ততাঁত শিল্পক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিলে সংযুক্তা দত্তই

শেহতীয়াকৈ সমাপ্ত হোৱা কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩ৰ ৭৬ সংখ্যক সংস্কৰণত অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন আৰু মিৰ্কা হাৱাৰ্ডে দৰ্শনীয় হস্তনিৰ্মিত সংযুক্তা দত্তৰ এনচেম্বল বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িছিল।

আন্তঃৰাষ্ট্ৰীয় মডেলিঙত ১৫ বছৰীয়া কেৰিয়াৰ গঢ়ি তোলা আৰু “টপ মডেল ইউনাইটেড কিংডম বিজয়ী” আৰু “মিছ ফিল্ম ফেষ্টিভেল ইণ্টাৰনেশ্যনেল” খিতাপকে ধৰি বহু প্ৰশংসা লাভ কৰা ইংগ্ৰিডা ইলগিনে হাতেৰে নিৰ্মিত মালবেৰী ৰেচম সেউজীয়া গাউন পিন্ধি ৰেড কাৰ্পেটত সকলোৰে চকু কপালত তুলিলে, শীৰ্ষ নিউয়ৰ্কৰ মডেল মিৰ্কা হাৱাৰ্ডে ৰেড কাৰ্পেটত অবিশ্বাস্যভাৱে আচৰিত ধৰণে খোজ কাঢ়িছিল ক’লা মেখেলা চাদৰ পিন্ধি, দুয়ো যোৰ বস্ত্ৰ ডিজাইন কৰিছিল সংযুক্তা দত্তই।

লক্ষণীয় যে এইটো একেৰাহে তৃতীয় বছৰ যে ইংৰিডাই সংযুক্তা দত্তৰ লেবেল বাছি লৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে পেৰিছ ফেশ্বন উইকতো আত্মপ্ৰকাশ কৰিছিল সংযুক্তা দত্তৰ লেবেল।

ভাৰতৰ গ্ৰাম্য শিপিনীক সৱল কৰি তোলাৰ লগতে অসমীয়া হস্ততাঁতৰ যুগ যুগ ধৰি চলি অহা শিল্পক বিশ্বৰ মঞ্চলৈ অনাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে ডিজাইনাৰ গৰাকীয়ে।

Exit mobile version