Drugs Seized In Howly :হাউলীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ড্ৰাগছ জব্দ : দুগৰাকী মহিলাক আটক

drugs2

Drugs Seized In Howly :

অসম আৰক্ষীয়ে নকল সোণ ব্যৱসায়ী তথা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই গৈছে । হাউলী আৰক্ষীয়ো কালি নিশা এক অভিযান চলাই ড্ৰাগছৰ লগত জড়িত দুগৰাকী মহিলাক আটক কৰে।

আটক কৰা মহিলা দুগৰাকী ক্ৰমে জেছমিনা বেগম, ৰেজিনা খাতুন। জানিব পৰা মতে হাউলীৰ ৮ নং ৱাৰ্ডৰ মৈৰামাৰাত ঘৰ ভাৰা কৰি দীৰ্ঘদিন ধৰি জেছমিনা বেগমৰ স্বামী ছহিদুল ইছলাম ওৰফে ছায়াই ড্ৰাগছৰ বেহা চলাই আহিছিল।

হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত কালি ছহিদুল ইছলামৰ ভাড়া ঘৰত অভিযান চলায়। আৰক্ষী অহাৰ উমান পাই আগতে ছহিদুল ইছলামে পলায় যাবলৈ সক্ষম হয়।

আৰক্ষীৰ অভিযানত ৩৮ টা কণ্টেইনাৰ সহ নগদ ৩৩২৫০ টকা জব্দ কৰে। হাউলী আমছু তথা স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত হাউলী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ খিনি জব্দ কৰিবলৈ সক্ষম হয়।

বাতৰি লিখা পৰলৈকে মূল ড্ৰাগছ ব্যৱসায়ী ছহিদুল ইছলাম ওৰফে ছায়া পলাতক হৈ আছে।আৰক্ষীয়ে ইতিমধ্যে ছায়াক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে।

আৰক্ষীয়ে আটক কৰা মহিলা দুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২১(বি)/২৯ ধাৰাত হাউলী থানাত ১০৯ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব‍্যাহত ৰাখিছে । হাউলী আৰক্ষীৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Exit mobile version