Fakiragram Fair Price Shop:ফকিৰাগ্ৰামৰ গুৱাবাৰী গাওৰ সুলভ মূল্যৰ দোকানীয়ে দুৰ্নীতিৰ কৰাৰ অভিযোগ গাঁওবাসীৰ

হিতাধীকাৰীক চাউল কমকৈ যোগান ধৰাৰ লগতে ধন সংগ্ৰহৰো অভিযোগ

corruption

Fakiragram Fair Price Shop :

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম সমবায় সমিতিৰ অধীনত থকা গুৱাবাৰী গাঁওৰ সুলভ মূলৰ দোকানীয়ে হিতাধিকাৰীৰ মাজত চাউল বিতৰনৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ গাঁওবাসীৰ ।

প্ৰাপ্ত বাতৰি অনুসৰি গুৱাবাৰী গাঁওৰ সুলভ মূল্যৰ দোকানী ৰহিমা বিবিয়ে অন্ন সুৰক্ষা যোজনাৰ হিতাধীকাৰী সকলৰ মাজত চৰকাৰে যোগান ধৰা চাউল কমকৈ বিতৰণ কৰাৰ লগতে ধন সংগ্ৰহও কৰে বুলি অভিযোগ উত্থাপন হৈছে।

হিতাধীকাৰী সকলে বিটিছিৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যুটীয়া সঞ্চালক লৈ এই বিষয়ত অভিযোগ দাখিল কৰিছে যদিও বিভাগে কোনো ধৰনৰ পদক্ষেপ গ্ৰহন কৰা নাই বুলি ৰাইজে জানিব দিয়ে ।

উল্লেখ্য যে সুলভ মূল্যৰ দোকানী জনী গাওঁৰ গাঁওবুঢ়াৰ পত্নী হোৱাৰ বাবে আংগুষ্ঠ দেখূৱায় বুলি গাঁওবাসীয়ে প্ৰকাশ কৰে ।

Exit mobile version