Aap Press Release:জয়ৰামপুৰত অৰুণাচলী দুর্বৃত্তৰ আক্ৰমণক গৰিহণা আপৰ

কাইলৈ ধেমাজিত ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী

aap assam

Aap Press Release:

ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পানবাৰীত কালি অৰুণাচলী দুর্বৃত্তৰ আক্ৰমণত ২ জনকৈ অসমৰ লোক নিহত তথা আন দুজন আহত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিছে আম আদমি পার্টী অসমে।

উল্লেখযোগ্য যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা জয়ৰামপুৰ পানবাৰীৰ কেঁচাই খাটনিত অসমৰ ৩০ জনীয়া এটি দলে গছ পুলি ৰোপণ কৰিবলৈ থানাৰ অনুমতি লৈ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল।

কিন্তু উক্ত স্থানত হঠাৎ অৰুণাচলী দুৰ্বৃত্তই জীপেৰে উপস্থিত হৈ গুলীচালনা কৰাত অসমৰ দুজন ব্যক্তি নিহত আৰু আন দুজন আহত হয়। বাতৰি মতে আন তিনিজনক দুর্বৃত্তৰ দলটোৱে অপহৰণ কৰি নিয়ে। এই গোটেই ঘটনাক্ৰমত অসম চৰকাৰৰ চূড়ান্ত ব্যর্থতা প্রতিফলিত হোৱা বুলি প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে আপৰ ৰাজ্যিক মুৰব্বী ড: ভবেন চৌধুৰীয়ে।

দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতি লৰালৰিকৈ অৰুণাচল চৰকাৰৰে চুক্তি কৰাৰ কুপৰিণতিত এই শোকাবহ ঘটনা সংঘটিত হল বুলি তীব্র উষ্মা প্রকাশ কৰে ড: চৌধুৰীয়ে। কেইবা দশক পুৰণি সীমা সমস্যাক লৈ কৰা ল’ৰা ধেমালি সদৃশ দিল্লী চুক্তিৰ ভয়াবহ পৰিণাম অদূৰ ভবিষ্যতে ৰাজ্যবাসীয়ে ভোগ কৰিব লাগিব বুলি বিবৃতিটোত সকীয়াই দিয়া হয়।

আপৰ মতে মুখ্যমন্ত্ৰীয়ে সস্তীয়া জনপ্রিয়তা লাভৰ বাবে অসমৰ দখলত থকা ৬০ খনকৈ গাঁও এৰি দি শান্তি চুক্তিৰ ঢাক-ঢোল বজাইছিল যদিও অৰুণাচলীৰ আগ্ৰাসী ৰূপে তাক বুমেৰাং কৰিহে পেলালে।

অন্যহাতে সীমা সমস্যাৰ স্থায়ী সমাধান, নিহতজনলৈ ক্ষতিপূৰণ, আহতৰ সুচিকিৎসা তথা অপহৃত শীঘ্ৰে মোকলাই অনাৰ দাবীত কাইলৈ ধেমাজি জিলা আপে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।

Exit mobile version