Assam Bjp:অসমবাসী ৰাইজ উন্নয়নৰ পক্ষত আছে:অসম বিজেপি

bjp assam

Assam Bjp:

শতিকা পুৰণি কংগ্ৰেছ দলে সৰ্বস্ব হেৰুৱাই শেষ আশ্ৰয়ৰ স্থল হিচাপে ন কৈ গঠিত হোৱা ক্লাৱ সদৃশ দল সমূহৰ শৰণাপন্ন হৈছে।

শেহতীয়াকৈ তেজপুৰত অনুষ্ঠিত হোৱা তথাকথিত বিৰোধী দলৰ বৈঠকে ইয়াকেই প্রতিপন্ন কৰিছে। দেশৰ অন্যতম পুৰণি কংগ্ৰেছ দলে কম সময়ৰ ভিতৰতে গণ বিচ্ছিন্ন হৈ নকৈ গঠিত হোৱা ৰাজনৈতিক শক্তিৰ চৰণত শৰণ লোৱাটো অতিকৈ দুঃখজনক খবৰ”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র কল্যাণ গগৈৰ ৷দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত গগৈয়ে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তাই দেশ তথা ৰাজ্যৰ সকলো স্তৰৰ জনগণৰ মাজত বিজেপিক অধিক গ্রহণযোগ্যতা কৰি তুলিছে।

ইয়াকে লৈ সকলো বিৰোধী শক্তিয়েই নিজৰ অস্তিত্ব হেৰুৱাৰ শংকাত ভুগি বিজেপি চৰকাৰৰ বিৰুদ্ধে অপ প্ৰচাৰত লিপ্ত হৈছে। মুখপাত্র গৰাকীয়ে বিৰোধীৰ ঐক্যতাক খন্তেকীয়া বুলি অভিহিত কৰি কয় যে প্ৰতিটো বিৰোধী শক্তিৰ মতাদৰ্শ পৃথক পৃথক সেয়ে এই মিত্রতা ক্ষণস্থায়ী।

প্রদেশ কংগ্ৰেছে সীমা সমস্যাৰ সম্পৰ্কত কোনোধৰণৰ মন্তব্য দিয়াৰ অধিকাৰ নাই বুলি মুখপাত্র গৰাকীয়ে কয়, প্রকৃততে অসমৰ সীমা সমস্যা কংগ্ৰেছৰ অৱদান। দেশৰ স্বাধীনৰ পিছত অধিকাংশ সময়েই কেন্দ্ৰ আৰু ৰাজ্যত শাসনভাৰ চলাই থকা কংগ্ৰেছ দলে সীমা সমস্যাসমূহ সমাধান কৰিবৰ বাবে কোনোধৰণৰ পদক্ষেপ হাতত নললে। যাৰ বাবে আমাৰ চুবুৰীয়া ৰাজ্যৰ মাজত থকা সাতামপুৰুষীয়া সমন্বয়ৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল।

কংগ্ৰেছ দলে সমস্যাসমূহ জীয়াই ৰখাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আদি সকলো ৰাজ্যৰ সৈতে থকা দীর্ঘদিনীয়া সীমা সমস্যা এতিয়া সমাধানৰ পথত ।

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক তথাকথিত জাতীয়তাবাদী নেতা বুলি অভিহিত কৰি মুখপাত্ৰ গৰাকীয়ে কয়, কা’ আন্দোলনৰ সময়ত আছুৰ ঔৰসত জন্মলাভ কৰা অজাপ দলৰ সভাপতি গৰাকীয়ে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই অসম আন্দোলনৰ সময়ত ৮৫৫ জন তেজাল যুৱকক মৃত্যু মুখলৈ ঠেলি দিয়া কংগ্ৰেছৰ সৈতে হাত মিলাইছে।

আনহাতে অখিল গগৈৰ মিথ্যাচাৰৰ চূড়ান্ত প্রতীক বুলি মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র গৰাকীয়ে কয় যে গণতন্ত্ৰ ভাৰতবৰ্ষৰ সৌন্দর্য। বিজেপি দলে ভাৰতবৰ্ষৰ এই গণতন্ত্ৰৰ প্ৰতি জন্মলগ্নৰে পৰা সন্মান জনাই আহিছে আৰু ভৱিষ্যতলৈও থাকিব।

সেয়ে ৰাজ্যিক মুখপাত্র গৰাকীয়ে অখিল গগৈক ৰাইজৰ মাজলৈ যাতে ভূল বাৰ্তা প্ৰেৰণ নকৰিবলৈ সকীয়াই দিয়ে। কল্যাণ গগৈয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীৰ্বাদ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম এতিয়া উন্নতিৰ দিশত দ্রুত গতিত আগুৱাইছে। সেয়ে অসমবাসী ৰাইজ এতিয়া বিৰোধী শক্তিৰ লগত নহয় উন্নয়নৰ পক্ষত আছে।

Exit mobile version