China Challenge:আমাৰ অস্ত্ৰ-শস্ত্ৰৰ সন্মুখীন হ’ব নোৱাৰে ভাৰত:চীন

xi ping

China Challenge:

চীনে ছিংগাপুৰত অনুষ্ঠিত এছিয়াৰ সৰ্ববৃহৎ নিৰাপত্তাৰ বৈঠকত অংশ লৈ দাবী কৰি কয় যে নিৰাপত্তাৰ দিশৰ পৰা ভাৰত চীনৰ প্ৰতি কোনো ভাবুকি নহয়।

চীনৰ সেনা প্রতিনিধিয়ে সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত কয় যে বেইজিঙৰ তুলনাত ভাৰতে সেনাৰ অত্যাধুনিকীকৰণ কৰা নাই অৰ্থাৎ সময় অনুসৰি দেশৰ সেনা বাহিনীক উন্নত কৰাৰ পৰা ভাৰত বিৰত আছে। এই কাৰণত ভাৰতে চীনক সামৰিকভাৱে প্ৰত্যাহ্বান জনাব নোৱাৰে বুলি মত প্ৰকাশ কৰিলে চীনৰ সেনাৰ প্ৰতিনিধিয়ে।

উক্ত বৈঠকত চীনে দাবী কৰি কয় যে চীনৰ অস্ত্ৰ-শস্ত্ৰৰ মোকাবিলা কৰিবলৈ ভাৰত সক্ষম নহয়। ভাৰতে সঁচাকৈয়ে নিজাকৈ কিবা অস্ত্ৰ-শস্ত্ৰ যেনে সামৰিক টেংক, যুঁজাৰু বিমান বা ছাবমেৰিন নিৰ্মাণ কৰিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰিলে চীনৰ সামৰিক প্ৰতিনিধিয়ে।

উল্লেখ্য যে ভাৰতৰ তুলনাত চীনৰ প্ৰতিৰক্ষা বাজেট প্রায় চাৰিগুণ অধিক। ২০২২ত ভাৰতে প্ৰতিৰক্ষা শিতানত ছয় লাখ কোটি টকা ব্যয় কৰাৰ বিপৰীতে চীনে ব্যয় কৰিছিল ২৩ লাখ কোটি টকা।

Exit mobile version