DFO Jitendra Kumar Suspended:গোৱালাপাৰাৰ ডি এফ অ’ জীতেন্দ্ৰ কুমাৰক চাকৰিৰ পৰা নিলম্বন

একাংশ বন মাফিয়াৰে জড়িত হৈ কাঠ- বালিৰ চোৰাং বেহা চলোৱাৰ অভিযোগ, কেইবাটাও গোচৰৰ ভিত্তিত নিলম্বন বন বিষয়া গৰাকীক

jitendra kumer

DFO Jitendra Kumar Suspended:

গোৱালপাৰা জিলাৰ সংমণ্ডল বন বিষয়া ( ডিএফ অ) জীতেন্দ্ৰ কুমাৰক চাকৰিৰ পৰা নিলম্বন কৰে ৰাজ্যৰ বন আৰু পৰিবেশ বিভাগে ৷ দীৰ্ঘদিনৰ পৰা নিলম্বিত বিষয়াজনে একাংশ বন মাফিয়াৰে জড়িত হৈ কাঠ- বালিৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

একেদৰে দীৰ্ঘকাল ধৰি বন ধবংসৰো অভিযোগ আছিল বিষয়াজনৰ বিৰুদ্ধে। আনকি বিষয়াজনৰ অবৈধ কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰতো দাখিল কৰা হৈছিল তথ্যপাতি ৷

কেইবাটাও গোচৰৰ ভিত্তিত ৰাজ্যপালৰ অনুমোদন ক্ৰমে বন আৰু পৰিৱেশ বিভাগে নিলম্বন কৰে দুনীৰ্তিগ্ৰস্ত বন বিষয়া জীতেন্দ্ৰ কুমাৰক ৷

উল্লেখ্য যে, নিলম্বিত বিষয়াজনৰ বিৰুদ্ধে নগাঁৱত ডিএফ অ’ থকা অৱস্থাত লাওখোৱা অভয়াৰণ্যৰ বন ধ্বংসত বিশেষ অৰিহণা যোগোৱাৰ অভিযোগ সাজোৰে উদ্থাপিত হৈছিল ৷ যাৰবাবে বিভাগীয় ৰোষত পৰি নগাঁৱৰ পৰা বদলি হ’ব লগা হৈছিল জীতেন্দ্ৰ কুমাৰ ৷

Exit mobile version