Goods Train Derailed In Boko:বকোৰ শিংৰা খলিহাত ভয়ংকৰ অঘটন

লাইনচ্যুত বঙাইগাঁও- গুৱাহাটী অভিমুখী মালবাহী ট্ৰেইন

boko 1

Goods Train Derailed In Boko:

উড়িশা ঘটনাৰ পাছতো সংশোধন নহ’ল ৰে’ল বিভাগৰ ৷ আজি কামৰূপ জিলাৰ বকোৰ শিংৰা খলিহাত ভয়ংকৰ অঘটন সংঘটিত হয় ।

লাইনচ্যুত হয় বঙাইগাঁওৰ পৰা গুৱাহাটী অভিমুখী এখন মালবাহী ট্ৰেইন । ৰে’লখনৰ প্ৰায় ১৫ টাৰো অধিক ডবা লাইনচ্যুত হয়।

ট্ৰেইনখন খলিহা ষ্টেচনত লাইনচ্যুত হৈ কেইবাটাও  ডবা বাগৰি পৰে। এই দুৰ্ঘটনাত অৱশ্যে হোৱা নাই কোনো লোক হতাহত । ইতিমধ্যে ঘটনাস্থলীল উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Exit mobile version