Sonapur LPG Tanker Crashes :
মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ পাটৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্রস্ত এল পি জি গেছ পৰিবাহী টেংকাৰ ৷ পুৱা আঠ বজাত নিয়ন্ত্রণ হেৰুৱাই ৰাজপথৰ ডিভাইদাৰ পাৰ হৈ বিপৰীত দিশত বাগৰি পৰে টেংকাৰখন । বাগৰি পৰা টেংকাৰ খনৰ পৰা অহৰহ গেছ নিৰ্গমণ হৈ থকাৰ ফলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷
সদাব্যস্ত ফৰ’লেনৰ যানবাহন চলাচল বন্ধ কৰি দিয়া হয় ৷ যিকোনো সময়তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰি স্থানীয় লোকৰ তৎপৰতাত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷
আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ থকাৰ বাবে একক পথযুক্ত কৰি দিয়া হয় সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷
ইপিনে,দুৰ্ঘটনাস্থলীত অইলৰ কাৰিকৰী বিষয়া উপস্থিত হৈ তিনিঘণ্টাৰ অশেষ চেষ্টাৰ অন্তত গেছৰ লীকেজ বন্ধ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে,এল পি জি গেছ নিৰ্গমণৰ ফলত বতাহত বিয়পি পৰে ৰন্ধন গেছৰ গোন্ধ ৷ এক ভয়ংকৰ বিপদৰ পৰা সকাহ পালে সোনাপুৰবাসীয়ে ৷
আনহাতে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ চালকজন গুৰুত্বৰভাৱে আহত হোৱাত ইতিমধ্যে ভৰ্তি কৰা হয় জি এম চি এইছত ৷ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনৰ পৰা এল পি জি গেছৰ লীকেজ বন্ধ কৰাৰ পাছত শেহতীয়াকৈ সুকলমে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খন ৰাজপথৰ কৰা স্থানান্তৰিতৰ বাবে অইলৰ বিষয়াই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
মনকৰিবলগীয়া যে,দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনত এতিয়াও মজুত আছে এল পি জি গেছ ৷ জিলা প্ৰশাসনে ঘটনাস্থলীত মজুত কৰি ৰাখিছে এখন এম্বুলেন্স ৷