Ganeshguri Accident:মহানগৰীৰ গণেশগুৰিত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা

ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী, বায়েকৰ সৈতে বিদ্যালয়লৈ গৈ থকা পথত প্ৰিয়াৰ মুৰৰ ওপৰৰে চলি গ'ল স্কুল বাছ, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰিয়াৰ বায়েকো

accident

Ganeshguri Accident:

মহানগৰীৰ সদাব্যস্ত গণেশগুৰিত পুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী ৷ প্ৰাপ্ত খবৰ মতে,হাতীগাওঁস্থ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী বায়েকৰ স্কুটিৰে স্কুললৈ গৈ থকা পথত সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷ আনহাতে ঘটনাত গুৰুতৰ ভাৱে আহত হয় নিহত প্ৰিয়াৰ বায়েক। ইতিমধ্যে তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰা হয় স্থানীয় এখন ব্যক্তিগত হাস্পতালত।

প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুত গতিত অহা মহানগৰীৰ অভিজাত বিদ্যালয় ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছে গণেশমন্দিৰ চ’ক পাৰ হৈ বিধায়ক আবাসৰ সমীপতে সংঘটিত কৰে এই শোকাৱহ দুৰ্ঘটনা।

উল্লেখ্য যে, গনেশ মন্দিৰ চ’কৰ কিছু আঁতৰত জাইকাই পাইপ মেৰামতিৰ বাবে প্ৰকাণ্ড গাঁত খান্দি থোৱাৰ বাবেই দুৰ্ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ কৰে পথচাৰীয়ে ৷

মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া জাইকাৰ মৰণফান্দ ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু জাইকাৰ উচ্চপদস্থ বিষয়া বৰ্গ ৷  কিছু সময়ৰ পাছতে গাঁতটো পুতি পেলাই জাইকাৰ শ্ৰমিকে ৷ ৰাইজে জাইকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ঘটনাস্থলীত ৷

আনহাতে ছাত্ৰী গৰাকীক খুন্দিয়াই ৰয়েল গ্ল’বেল স্কুল বাছ খন পলায়ন কৰে ৷ যাৰবাবে স্থানীয় লোক ক্ষুব্ধ হৈ পৰে৷ সেই পথছোৱাৰে যোৱা গ্ল’বেল স্কুলৰ আন আন বাছ সমুহ পথৰ ওপৰত আবদ্ধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ফলত গণেশ মন্দিৰ চ’কত ব্যাপক যানযঁটৰ সৃষ্টি হয় ৷উৎকট গৰমত দুয়োফালে বহু বাহন আবদ্ধ হৈ পৰে ৷

আনহাতে শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ বহু সময়ৰ পাছতহে নাটি দূৰত থকা দিছপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷  ৰাইজে আবদ্ধ কৰি থোৱা গ্ল’বেল স্কুলৰ বাছ কেইখন যাবলৈ দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ ৰাইজে ৷ আৰক্ষীক ৰাইজে নানান বাক্যবাণেৰে কৰ্কথনা কৰে  ৷

আনহাতে ১০৮ এম্বুলেন্সক মতাৰ বহু সময়ৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে জবাবদিহি কৰে এম্বুলেন্সৰ চালকক  ৷এম্বুলেন্স অহাৰ পূৰ্বেই ৰাইজে ৰাজপথত পৰি থকা ছাত্ৰী মীনা কুমাৰী নিথৰ দেহৰ ওপৰত বগা কাপোৰ ঢাকি দিয়ে ৷

ইপিনে,শেহতীয়া প্ৰাপ্ত খবৰ মতে,দুৰ্ঘটনা সংঘটিত কৰা ৰয়েল গ্ল’বেল স্কুলৰ বাছ খন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰে বাছ খনৰ চালকজনকো ।

উল্লেখযোগ্য ,মহানগৰীত উৎকট গৰমৰ বাবে চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠান পুৱা ৭-৩০ বজাৰ পৰা পাঠদান আৰম্ভ হোৱাত সাত বজাৰ পৰা ৰাজপথ সমূহত বৃদ্ধি পাইছে স্কুল বাছ সমূহৰ চলাচল ৷

মনকৰিবলগীয়া যে, পুৱাৰ ন বজাৰ পৰা গণেশগুৰি পৰা হাতীগাওঁলৈ যোৱা পথছোৱাত যথেষ্ট যানজঁটৰ সৃষ্টি হয় যদিও নিয়ন্ত্ৰণৰ বাবে নাথাকে এজনো ট্ৰেফিক পুলিচ ৷স্বয়ংক্ৰিয় ট্ৰেফিক চিগনেল ব্যৱস্থাৰ ওপৰতে এৰি দি হাত সাবটি বহি থাকে যানবাহন আৰক্ষী ৷ যাৰবাবে চেগাচোৰোকাকৈ হৈ থাকে পথ দুৰ্ঘটনা ৷

Exit mobile version