Guwahati A K Construction Owner-Manager Arrested:গুৱাহাটীৰ গণেশগুৰিৰ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু ঘটনা

তদন্তৰ আওতাত বিতৰ্কিত এ কে কন্সট্ৰাকশ্বন কোম্পানী, স্বত্বাধিকাৰী এম ভেংকটেশ্বৰ ৰাও আৰু প্ৰৱন্ধক বি বালাজীক গ্ৰেপ্তাৰ আৰক্ষীৰ

a k constraction

Guwahati A K Construction Owner-Manager Arrested:

মহানগৰীত জাইকাৰ পানী যোগানৰ পাইপ মেৰামতিৰ ঠিকা লাভ কৰা বিতৰ্কিত এ কে কন্সট্ৰাকশ্বন স্বত্বাধিকাৰী এম ভেংকটেশ্বৰ ৰাও আৰু প্ৰৱন্ধক বি বালাজীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ মহানগৰীৰ নাৰেংগীস্থ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে ৷

উল্লেখ্য যে,মহানগৰীৰ অলিয়ে-গলিয়ে জাইকাৰ পানীৰ পাইপ বঢ়োৱাৰ নাম খান্দি গৈছে ইটোৰ পাছত সিটোকৈ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত

আনকি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কাম সম্পন্ন কৰাৰ পাছত গাঁত পুতি নেপেলোৱাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হয় ৷
পথৰ মাজত গাঁত নুপুতাৰ বাবেই বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিৰ এম এল এ হোষ্টেলৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় এগৰাকী একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ৷

বিতৰ্কিত এ কে কন্সট্ৰাকশ্বনৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই মেধাবী ছাত্ৰী গৰাকীৰ মৃত্যুৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৰজু কৰা হৈছিল গোচৰ ৷

এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে স্বত্বাধিকাৰী আৰু প্ৰৱন্ধক জনক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, এ কে কন্সট্ৰাকশ্বনে পানীৰ পাইপ বঢ়োৱা আৰু মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ আৰু যানবাহন আৰক্ষীৰ পৰা লোৱা নাছিল অনুমতি

Exit mobile version