Mangaldoi Assistant Executive Engineer Suspended:দুৰ্নীতিৰ অভিযোগত নিলম্বন মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা

mangaldoi

Mangaldoi Assistant Executive Engineer Suspended:

দুৰ্নীতিৰ অভিযোগত নিলম্বন হ’ল মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰ ।
বৃহস্পতিবাৰে বিভাগীয় সচিব পৱিত্ৰৰাম খাউণ্ডে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷

উল্লেখ্য যে, উদ্থাপিত অভিযোগ অনুসৰি মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তালুকদাৰে দৰং জিলাৰ সদৰ মঙলদৈ ,ছিপাঝাৰ আৰু দলগাঁওত বিভাগীয় বিভিন্ন কামত নানান অনিয়মত লিপ্ত হৈছিল ৷

আনকি অভিযন্তা জনে ঠিকাদাৰক বিল আদায় নিদিয়া, কাৰ্যালয়ত বিশৃংখলতা সৃষ্টি কৰাৰ লগতে কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰাৰ দৰে অনিয়ম সংঘটিত কৰি আহিছিল ৷

যাৰবাবে বিভাগীয় অনুসন্ধানত সকলো তথ্য পোহৰলৈ অহাত সহকাৰী কাৰ্যবাহী অভিযন্তা অমল তালুকদাৰক বিভাগীয় সচিবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে ৷

Exit mobile version