Chirang Firing : চিৰাঙৰ ভাৰত-ভূটান সীমান্তত গুলীচালনাৰ 

দুৰ্বৃত্তৰ গুলীত আহত আছাতি বসুমতাৰী নামৰ মহিলা গৰাকী, অস্ত্ৰসহ অজয় মুছাহাৰী নামৰ এজনক আটক

firing Main

Chirang Firing

নিশা চিৰাঙত গুলিচালনাৰ ঘটনা । গুলিবিদ্ধ এগৰাকী মহিলা । মহিলা গৰাকীক আছাতি বসুমতাৰি (৩৩) বুলি চিনাক্ত কৰা হয়। ৰুনিখাতাা থানাৰ অন্তৰ্গত ভূটান সীমান্তৰ খুংগ্ৰীং দৈগুদুং গাঁওৰ বাসিন্দা আহত মহিলা গৰাকী। সাধাৰণ দোকানৰ বাকী টকা বিচৰাক লৈ সংঘটিত হয় এই গুলিচালনাৰ ঘটনা।

শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যাৰ চেষ্টা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ I গুলিচালনা কৰা দুৰ্বৃত্তজন একেখন গাঁওৰ অজয়  মুছাহাৰী বুলি জানিব পৰা গৈছে ।

ৰুনিখাতা থানা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুৰ্বৃত্তজনক । এই গুলিচালনাৰ ঘটনাই চিৰাঙত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

উল্লেখ্য যে, বিটিআৰ শান্তি চুক্তিৰ পিচতো বিটিআৰত অবৈধ অস্ত্ৰৰ ঝণঝণনি অব্যাহত। ইতিমধ্যে কালি বিবৃতি যোগে নতুন উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশ কৰিছে বড়ো লিবাৰেচন আৰ্মী নামৰ সহস্ত্ৰ সংগঠনটোৱে।

Exit mobile version