Congress Protest In Tezpur : তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা

congress dharna

Congress Protest In Tezpur :

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ দাবীত আৰু পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ নিজা প্ৰতীকচিহ্ন ব্যৱহাৰৰ অনুমতি প্ৰদানৰ দাবীত আজি তেজপুৰৰ আদালত চাৰিআলিত কংগ্ৰেছ দলৰ শোণিতপুৰ জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ অনুসৰি,জিলা কংগ্ৰেছৰ লগতে ব্লক তথা আঞ্চলিক সমিতি সমূহৰ সহযোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত আন একাংশ বিৰোধী ৰাজনৈতিক দলৰ সদস্যয়ো অংশ লয় ৷

বিজেপি দলে তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাটোক মষিমূৰ কৰা বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে ৷

Exit mobile version