Goalpara Murder :গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা

ধৰ্ষণ কৰি হত্যাৰ কৰাৰ সন্দেহ, আটক এজনক

murder goalpara

Goalpara Murder :

গোৱালপাৰাত বিজেপি নেত্ৰীক ধৰ্ষণ কৰি হত্যা ৷ মৃতদেহ যোৱ নিশা কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ ৷

গোৱালপাৰা জিলাৰ সক্ৰিয় বিজেপি কৰ্মী জোনালী নাথক দুৰ্বৃত্তই দেওবাৰে নিশা ধৰ্ষণ কৰি পাছত হত্যা কৰি ৰাজপথত পেলাই থৈ যাই ৷ পাছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত নিশাই কৃষ্ণাই আৰক্ষীয়ে জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় ।

স্থানীয় লোকে সন্দেহ কৰা মতে ,মহিলাগৰাকীক দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু পাছত হত্যা কৰি ৰাজপথত পেলাই যায় ।

ইতিমধ্যে,বিজেপি নেত্ৰী গৰাকীক কোনে হত্যা কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত যোৱা নিশা হত্যাকাণ্ড সন্দৰ্ভত এজন লোকক মাটিয়াৰ পৰা আটক কৰি অব্যাহত ৰাখিছে জেৰা

উল্লেখ্য যে,মাটিয়া নিবাসী জোনালী নাথ গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা আছিল ৷ আনহাতে গোৱালপাৰা জিলা বিজেপিইে এই ঘটনাৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

জোনালী নাথৰ ৰহস্যজনক হত্যাকাণ্ডক গোৱালপাৰা জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিপুল ৰাভাৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ দোষীক কৰায়ত্ত কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী বিজেপি নেতাজনৰ ৷

আনহাতে জোনালী নাথৰ হত্যাকাণ্ডক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্বেগ প্ৰকাশ। গোৱালপাৰাৰ বিজেপি নেত্ৰীগৰাকীৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

ইপিনে,জোনালী নাথৰ হত্যাকাণ্ডক লৈ নাথ যোগী ছাত্ৰ সন্থাৰ ক্ষোভ। দোষীক কৰায়ত্ত কৰিবলৈ চৰকাৰ-প্ৰশাসনক বান্ধ দিলে ২৪ ঘণ্টাৰ সময়সীমা। অন্যথা ছাত্ৰ সংগঠনটোৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ।

Exit mobile version