Guwahati Traffic jam In Guwahati City:যান-জঁট ৰোধৰ বাবে মহানগৰ পৰিবহন বিভাগৰ কঠোৰ স্থিতি

দৈনিক ১০৯খনকৈ ব্যক্তিগত চিটিবাছ চলাচলত নিষেধাজ্ঞা, দৈনিক উপাৰ্জনকাৰীৰ পেটত গোৰ মাৰি মহানগৰীত প্ৰশাসন- পৰিবহণৰ আজৱ নির্দেশনা, টোঘলকী কাণ্ডত তীব্র ক্ষোভৰ সৃষ্টি সৰ্বত্ৰে

guwahati city bus

Guwahati Traffic jam In Guwahati City:

মহানগৰীত সৃষ্টি হোৱা তীব্র যানজঁট ৰোধ কৰিবলৈ চৰকাৰী পক্ষই জাৰি কৰা এক আজৱ নির্দেশনাই তীব্র ক্ষোভৰ সৃষ্টি কৰিছে। যানজঁট নিয়ন্ত্ৰণত ব্যর্থ সংশ্লিষ্ট বিভাগে হাত দাঙি দিয়াৰ পাছতে পৰিবহণ বিভাগে মহানগৰীত দৈনিক চলাচল কৰা ব্যক্তিগত চিটি বাছসমূহৰ পৰা ১০৯ খন চিটিবাছ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে ।

মহানগৰীত দৈনিক চাৰি শতাধিক চিটিবাছ চলাচল কৰে। আজিৰে পৰা ইয়াৰে ১০৯খন চিটিবাছৰ চলাচল প্রত্যেক দিনাই বন্ধ কৰি দিয়া হৈছে। তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কোনখন বাছ কোন দিনা চলাচল কৰিব তাৰ এখন তালিকা বাছ মালিকসকলক প্ৰদান কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ত এসপ্তাহৰ বাবে এনে এখন তালিকা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰাৰ পাছতে দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দি অহা চালক- কৰ্মচাৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। উল্লেখ্য যে বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰা বাছসমূহ এনে প্ৰক্ৰিয়াৰে চলাচল কৰিলে বছৰত ৭২ দিন বন্ধ ৰাখিব লাগিব। সেয়েহে চৰকাৰৰ এনে পদক্ষেপত বাছৰ মালিক পক্ষয়ো তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে।

উল্লেখ্য যে চাৰি-পাঁচখন চিটিবাছ নাথাকিলেই মহানগৰীত সাধাৰণ জনতাৰ মাজত এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ হয়। তেনেস্থলত যান জঁটৰ অচিলাৰে দৈনিক ১০৯খনকৈ চিটিবাছ হ্ৰাস কৰিলে যাত্ৰীসকলে দুর্ভোগ ভুগিবলগীয়া হ’ব বুলি চিটিবাছসমূহৰ চালকসকলে মন্তব্য কৰি কয় যে এই চিটিবাছসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই কে’বা শতাধিকৰ পৰিয়াল চলে।

এদিন উপার্জন বন্ধ হ’লেই এই পৰিয়ালসমূহ কিদৰে চলে, সেয়া প্রত্যক্ষ নকৰাজনে অনুভৱ কৰিব নোৱাৰে। আজিৰ দিনটোত বাছসমূহ বন্ধ কৰা হ’ল; কিন্তু যান-জঁটৰ সমস্যাটো একে থাকিল বুলি মন্তব্য কৰি বৰঞ্চ আজি মালিগাঁৱৰ পথত যান-জঁট অধিকহে হোৱা বুলি তেওঁলোকে দাবী কৰে।

উল্লেখ্য যে,মহানগৰীৰ ৩৬ নম্বৰ পথত সৰ্বাধিত ৩১ খন ব্যক্তিগত চিটিবাছ হ্ৰাস কৰা হয়। একেদৰে ২৩ নম্বৰ পথত ২২খন, ৩৮ নম্বৰ পথত ২১ খন, ৩৯ নম্বৰ পথত ১৬ খন, ৩৪ নম্বৰ পথত ছখন, ৩৩ আৰু ৩৭ নম্বৰ পথত পাঁচখনকৈ, ৪৬ নম্বৰ পথত দুখন আৰু ৩৫ নম্বৰ পথত এখন চিটিবাছ হ্ৰাস কৰা হয়।

চিটিবাছসমূহৰ মালিকপক্ষই চৰকাৰৰ এই নিৰ্দেশনাত তীব্র অসন্তুষ্টি প্ৰকাশ কৰি কয় যে মহানগৰীত প্রায় ৩৭০ খন ব্যক্তিগত চিটিবাছ চলাচল কৰে। এতিয়া ইয়াৰে ১০৯খন চিটিবাছ দৈনিক চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোন দিনা কোনখন বাছ চলিব তাৰ তালিকা দিয়া হৈছে।

এতিয়া কথা হ’ল সেই দিনটো যে বাছখনৰ চলাচল বন্ধ হ’ব, কৰ দিব লাগিব নে নাই সেই কথা স্পষ্ট কৰা হোৱা নাই। এইদৰে মন্তব্য কৰি নাম প্রকাশত অনিচ্ছুক এজন বাছ মালিকে কয়, ‘এই বাছ সমূহক ভিত্তি কৰিয়েই আমাৰ পৰিয়াল চলে। এদিন চলাচল বন্ধ হ’লেই, ঋণৰ কিস্তি দিবলৈ আমি কেনেদৰে হাহাকৰ কৰিব লাগে, সেয়া বৰ্ণনা কৰিব নোৱাৰি। আনফালে, দৈনিক সামান্য অজুহাতত চৰকাৰী জৰিমনা আছেই।

এতিয়া কথা-বার্তা নাই হঠাৎ এই নিৰ্দেশনা। প্ৰকৃতাৰ্থত যান-জঁটৰ সমস্যাৰ বাবেই বাছসমূহ বন্ধ কৰা হৈছে নে অন্য কিবা অভিসন্ধি সেয়া সময়তহে পোহৰলৈ আহিব; কিন্তু আমি যে বাছ বন্ধ কৰিম সেই দিনটোৰ কৰ, ঋণৰ কিস্তি দিব লাগিব নে নাই, সেই কথা স্পষ্ট কৰক। চালক-কৰ্মীৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক ।

Exit mobile version