Maligaon Flyover Incident:মহানগৰীত এতিয়া য’তে ত’তে মৰণ ফাণ্ড !

ইটোৰ পাছত সিটোকৈ অঘটন,মালিগাঁও উৰণীয়া সেঁতুত অঘটন, নিৰ্মীয়মাণ দলং পৰা তললৈ সৰি পৰিল লোহাৰ প্লেট, আহত কে'বাজনো পথচাৰী

maligaon 1

Maligaon Flyover Incident:

মহানগৰীত এতিয়া য’তে ত’তে ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে অঘটন ৷ যেন বিপদে লগ এৰা নাই মহানগৰীক ৷  মঙলবাৰে দুপৰীয়া মালিগাঁৱৰ উৰণীয়া সেঁতুত পুনৰ সংঘটিত হয় অঘটন। নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ পৰা তললৈ সৰি পৰিল লোহাৰৰ প্ৰকাণ্ড চাটাৰিং শ্লেব ৷

সেই সময়ত সেঁতুৰ তলেদি গৈ থকা পথচাৰীৰ গাত পৰে লোহাৰৰ চাটাৰিং শ্লেব ৷ ফলত আহত হয় কে’বাজনো লোক ৷এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কৰ্মৰত লোকৰ অসাৱধানতাৰ বাবেই সংঘটিত হয় এই ঘটনা ৷

আনহাতে হঠাতে সংঘটিত এই অঘটনৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ একেদৰে সেঁতুৰ তলেদি যোৱা পথটোত তীব্ৰ যানযঁটৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে অতি তৎপৰতাৰে যানযঁট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও নিৰ্মীয়মাণ সেঁতু খনৰ ওপৰত ওৱেলডিংৰ কাম কৰি থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ দলং খনৰ নিৰ্মাণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানৰ দায়িত্বহীন কাণ্ডৰ বাবে বাৰে পতি সংঘটিত হৈ আহিছে অঘটন ৷ তাৰ পিছতো যেন শিকনি হোৱা নাই ঠিকাদাৰী প্ৰতিষ্ঠানটিৰ ৷

Exit mobile version