Wild Elephant Enters Shop: সাতগাঁও সেনা শিবিৰৰ মূল প্ৰৱেশ দ্বাৰত বন্যহস্তীৰ চফৰ

আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীয়ে হোটেলত ল'লে মিঠাইৰ জুটি

elepjant 1

Wild Elephant Enters Shop:

মহানগৰীৰ সাতগাঁওত বন্যহস্তীৰ চফৰ ৷ মঙলবাৰে সাতগাঁৱস্থ সেনা শিৱিৰত মুল প্ৰৱেশদ্বাৰৰ সমীপৰ হোটেলত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীয়ে সোমাই সোৱাদ ল’লে মিঠাইৰ ৷

উল্লেখ্য যে,দোকানখনৰ সন্মুখত বিভিন্ন ধৰণৰ মিঠাই আৰু বিস্কুট আছিল। প্ৰথমে কিছু মিঠাই খায়। তাৰ পিছত বিস্কুট খাই নিৰৱে প্ৰস্থান কৰে ৷

গজৰাজৰ হোটেলত প্ৰৱেশ কৰা দেখি সেই সময়ত উপস্থিত থকা লোক সকল ভয়ত পলায়ন কৰে ৷

মনকৰিবলগীয়া যে, যেতিয়া হাতীটোৱে ইটোৰ পাছত সিটোকৈ মিঠাই খাই থকাৰ সময়ত মিঠাই দোকানীজনে ভয়তে কাগজত জুই জ্বলাই হাতীটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু হাতীটোৱে কোনো ভ্ৰূক্ষেপ কৰা নাছিল ৷ মাত্ৰ এফালৰ খাই  গৈছে মিঠাই আৰু বিস্কুট ৷ অৱশ্যে বন্যহস্তীটোৱে পাছত প্ৰস্থান কৰে মিঠাই দোকান খনৰ পৰা ৷

উল্লেখযোগ্য ,সাতগাঁওৰ আৰ্মি কেম্পৰ পৰা আমছাং সংৰক্ষিত বনাঞ্চলৰ দূৰত্ব মাত্ৰ ছয় কিলোমিটাৰ ৷ প্ৰায়ে খাদ্যৰ সন্ধানত আমছাঙৰ পৰা বন্যহস্তীৰ জাকে সাতগাঁও আৰ্মি কেম্পৰ আশে-পাশে অৱস্থান কৰি বহু ক্ষতিসাধন কৰে ৷ যাৰ বাবে আতংকিত অঞ্চলবাসী ৷

Exit mobile version