Corruption in construction work ঢেকীয়াজুলিত নিৰ্মীয়মাণ অৱস্থাতে খহি পৰিল পকী নলা

wall2

Corruption in construction work  নিৰ্মীয়মাণ অৱস্থাতে খহি পৰিল পকী নলা

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰী অভিযান চলি থকাৰ সময়তে একাংশই আকৌ চৰকাৰী ধনৰ ঠিকাৰ নামত শৰাধ পতা কাৰ্য অব্যাহত আছে৷ তেনে এক ঘটনাই সংঘটিত হৈছে শোণিতপুৰৰ ঢেকিয়াজুলিত ৷

ফলকবিহীন ভাবে আৰু স্হানীয় লোকক কিমান টকা আবন্টন হৈছে সেই বিষয়ে কোনো ভূ ভা নিদিয়াকৈ নতুনকৈ নিৰ্মাণ কৰা এটা পকী নলা আজি খহি পৰে৷শোণিতপুৰ জিলা পৰিষদে আবন্টন দিয়া ঢেকিয়াজুলিৰ চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত সংঘটিত হয় এই ঘটনা৷

অতি নিম্ন মানৰ কামৰ বাবেই এনে হোৱা বুলি অভিযোগ উঠিছে৷প্ৰায় এসপ্তাহ পূৰ্বে নিৰ্মাণ হোৱা নলাটো আজি পুৱা খহি পৰাত বিক্ষুদ্ধ একাংশ লোকে আজি এই ঘটনাৰ প্ৰতিবাদত ধৰ্ণা দি উপযুক্ত তদন্তৰ দাবী জনাই৷

Exit mobile version