Tezpur Electricity: স্মাৰ্টমিটাৰৰ বিৰুদ্ধে তেজপুৰত গণস্বাক্ষৰ

tezpur 2

Tezpur Electricity: স্মাৰ্টমিটাৰৰ বিৰুদ্ধে তেজপুৰত গণস্বাক্ষৰ

বিদ্যুতৰ মাচুল কিয় ইমান বৃদ্ধি পাইছে ! চৰকাৰে বিষয়টোকলৈ সঁচা কথা কওঁক ৷ ৰাইজক এ পি ডি চি এলে সকলো ফঁহিয়াই বুজাওঁক৷ স্মাৰ্ট মিটাৰ সংযোগৰ পৰা সাধাৰণ ৰাইজৰ কি উপকাৰ হ’ব সেই কথা কওঁক৷ৰাজ্যত বৰ্দ্ধিত বিদ্যুৎ মাচুল আৰু স্মাৰ্ট মিটাৰকলৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়ত তেজপুৰত স্বতঃস্ফূৰ্ত ভাবে আৰম্ভ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান৷


প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তেজপুৰত জনস্বাক্ষৰ অভিযান। সচেতন নাগৰিকৰ উদ্যোগত স্বতঃৰ্স্ফূত ভাৱে ৰাইজে এই জনস্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰে। স্বাক্ষৰ কৰি ভুক্তভোগী ৰাইজে স্মাৰ্ট মিটাৰ নালাগে বুলি কয়। ইতিমধ্যে কে’বা সহস্ৰাধিক লোকে ইয়াত স্বাক্ষৰ কৰিছে৷

Exit mobile version