Gmc:গুৱাহাটী পৌৰ নিগমত অবৈধভাৱে চাকৰি নিয়মীয়াকৰণ পাঁচশ মজদুৰৰ !

পিআইএল দাখিল ,কে'বাটাও পক্ষক শপতনামা দাখিলৰ জাননী উচ্চ ন্যায়ালয়ৰ

gmc

Gmc :

বিগত ২০২১ত গুৱাহাটী পৌৰ নিগমত পাঁচশ মজদুৰৰ চাকৰি নিয়মীয়াকৰণত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জয়দেৱ দাস নামৰ এজন লোকে অলপতে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে।

উচ্চ ন্যায়ালয়ত ৫১/২০২৩ নম্বৰত পঞ্জীয়ন হোৱা আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে অভিযোগ সন্দৰ্ভত অসম চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগ, বিত্ত বিভাগৰ সচিব, গুৱাহাটী পৌৰ নিগম, নিগমৰ আয়ুক্ত আৰু অসম আৰক্ষীৰ তদাৰকী-দুর্নীতি নিবাৰক শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ জাননী জাৰি কৰে।

উল্লেখ্য যে ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিলৰ পূৰ্বে আবেদনকাৰীয়ে যোৱা ১৭ মাৰ্চত তদাৰকী-দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰত উল্লেখ কৰা অনুসৰি, নিযুক্তি প্ৰক্ৰিয়াটো আছিল সম্পূৰ্ণৰূপে অবৈধ।

এই প্ৰক্ৰিয়াত জড়িত থকা বুলি এজাহাৰত উল্লেখ কৰা নামকেইটা হ’ল সেই সময়ৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধার্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন প্রশাসক মুনীন্দ্ৰ সিং, গুৱাহাটী উন্নয়ন বিভাগৰ উপ-সচিব আৰু নিগমৰ তেতিয়াৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা।

২০২১ৰ ১০ ফেব্ৰুৱাৰীত নিযুক্তিৰ নিৰ্দেশ প্ৰকাশ পাইছিল; কিন্তু কোনো বিজ্ঞাপন অথবা অন্যান্য প্রক্রিয়া সম্পন্ন নকৰাকৈ এই নিযুক্তি দিয়াৰ ফলত অন্য যোগ্য প্রার্থী বঞ্চিত হৈছিল ৷

Exit mobile version