Manipur Sexual Assult:মণিপুৰৰ নিৰ্লজ্জ কাণ্ডৰ মুল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটেইৰ ঘৰ জ্বলালে উত্তেজিত মহিলাই

manipur incident

Manipur Sexual Assult:

মণিপুৰৰ নিৰ্লজ্জ কাণ্ডৰ অন্যতম অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলালে একাংশ ক্ষুব্ধ মহিলাই। পাহাৰীয়া ৰাজ্য খনক দেশ তথা বিশ্ববাসীৰ সন্মুখন লজ্জানত কৰা জঘন্যৰ ঘটনাটোৰ মূল অভিযুক্ত হেৰোদাছ মেইটেইৰ বাসগৃহত নংপক ছেকমাইৰ গাঁৱৰএকাংশ উত্তেজিত মহিলা হাতত লাঠি লৈ উপস্থিত হৈ জ্বলাই দিয়ে অপৰাধীটোৰ ঘৰ।

ইতিমধ্যে এই ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে তৎপৰ হৈ পৰে মণিপুৰ আৰক্ষী ৷বৃহস্পতিবাৰে থৌবাল জিলা আৰক্ষীয়ে এই জঘন্য ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মূল অভিযুক্ত হুইৰেম হেৰোডাছক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন যুৱক য়ুমলেম্বম জীৱনকো আটক কৰে ৷

ধৃত য়াইৰিপক এজন বিবাহিত যুৱক ৷ আনহাতে জঘন্যতম ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ ৰেকৰ্ডিং কৰা আন এজন অভিযুক্ত য়ুমলেম্বম জীৱনকো বৃহস্পতিবাৰে বাৰেই ৰাজ্যখনৰ নংপক ছেকমাইত থকা ঘৰৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

মনকৰিবলগীয়া যে,চাৰি মে’ত নংপক ছেকমাই থানাৰ অধীনস্থ বি ফাইনম কুকি গাঁৱত সংঘটিত হোৱা অমানবীয় ঘটনাটোৰ পাছতে পেচি গাঁৱৰ ৰাইজে পেচি যুৱ উন্নয়ন ক্লাবৰ খেলপথাৰত এক ৰাইজমেল অনুষ্ঠিত কৰি এই ঘটনাক গৰিহণা দি এইয়া এক জঘন্য আৰু লজ্জাজনক ঘটনা বুলি অভিহিত কৰি অভিযুক্তৰ কঠোৰতম শাস্তিৰ দাবী জনায় ৷

একেদৰে ৰাইজমেলত উপস্থিত থকা সকলো ৰাইজে সৰ্বসন্মতিক্ৰমে জঘন্যতম ঘটনাটিৰ স’তে জড়িত থকাৰ বাবে পেচি আৱাং লেইকাইৰ পৰা পৰিয়ালসহ হেৰোডাছক বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version