Imran Khan:প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰানৰ হ’ব পাৰে জীৱন কাৰাদণ্ড : আইন মন্ত্ৰীৰ মন্তব্য

imran khan

Imran Khan:

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী আৰু পাকিস্তান তেহৰিক ই ইনছাফ (পিটিআই) দলৰ মুৰব্বী ইমৰান খানৰ বিপদ বৃদ্ধিৰ ইংগিত দিলে দেশখনৰ আইন মন্ত্ৰী আজম নজিৰ তৰাৰে। পাকিস্তানৰ পুনৰ প্রধানমন্ত্রী নিযুক্ত হোৱাৰ স্বপ্ন দেখা ইমৰানৰ হ’ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড

পাকিস্তানৰ আইনমন্ত্ৰী তৰাৰে এনে এক ইংগিত দি কয় যে প্রাক্তন প্রধানমন্ত্ৰীজনৰ বিৰুদ্ধে একাধিক গোচৰত আদালতে কঠোৰ শাস্তিৰ ৰায় দিয়াৰ সম্ভাৱনা আছে। উল্লেখ্য যে যোৱা ন মে’ত ইমৰানক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ সমৰ্থকে দেশজুৰি ব্যাপক হিংসাকাণ্ড সংঘটিত কৰিছিল।

এই ঘটনাৰ তদন্ত সম্প্ৰতি অব্যাহত আছে আৰু এই গোচৰতে আদালতে ইমৰানক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিলে পাকিস্তানৰ আইনমন্ত্ৰীয়ে।

আইনমন্ত্ৰীয়ে কয় যে যদিহে ইমৰানক ৰাষ্ট্ৰীয় নিৰাপত্তা লংঘন কৰাৰ অভিযোগত দোষী গণ্য কৰা হয়, তেন্তে প্রাক্তন প্রধানমন্ত্ৰীজনৰ যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।

Exit mobile version