Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
December 12, 2022
in Opinion
Reading Time: 4 mins read
0
Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Opinion :

গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ ভূমিকা তথা কাৰ্যকলাপ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আধাৰিত হোৱাটোৱে বাঞ্ছনীয় । প্ৰতিটো স্তম্ভৰে স্বাধীনতা তথা পৱিত্ৰতা ৰক্ষা নিশ্চিত কৰাটো এখন গণতান্ত্ৰিক চৰকাৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য ।

ADVERTISEMENT

ইয়াৰ পৰিৱৰ্তে নাগৰিকে ৰোপণ কৰা আস্থাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে কতৃৰ্ত্ববাদী ভূমিকাত অৱতীৰ্ণ হ’লে সেয়া সুস্থ গণতান্ত্ৰিক পৰম্পৰা হ’ব নোৱাৰে । দেশত সম্প্ৰতি তেনে এক পৰিৱেশেই বিৰাজ কৰাটো দুৰ্ভাগ্যজনক ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশ বাছনি তথা নিযুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত যি মুকলি আৰু অবাঞ্ছিত সংঘাত অব্যাহত আছে, সি উভয়পক্ষৰে মৰ্যাদা হানি কৰিছে ।

চৰকাৰৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়ে ন্যায়াধীশ নিযুক্তিৰ বৰ্তমানৰ কলেজিয়াম ব্যৱস্থাক লৈ উচ্চতম ন্যায়ালয়ক যি ধৰণে কটু সমালোচনা কৰি আহিছে, সেইবোৰে চৰকাৰৰ মনোভাৱক লৈয়ে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ।

ইয়াৰ আঁৰত যে এই প্ৰক্ৰিয়াটো চৰকাৰ কুক্ষিগত কৰাৰেই উদ্দেশ্য লুকাই আছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে ।সন্দেহ নাই যে যিকোনো চৰম কতৃৰ্ত্ববাদী চৰকাৰেই নিজৰ এজেণ্ডা চলাই নিবলৈ সকলো ক্ষেত্ৰতে নিজৰ একাধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা চলায় । তাৰ বাবে গণতন্ত্ৰৰ এক অন্যতম শক্তিশালী স্তম্ভ ন্যায়পালিকাক বিভিন্ন ধৰণে কুক্ষিগত কৰিবলৈ উঠিপৰি লাগে ।

ন্যায়াধীশ নিযুক্তিক প্ৰভাৱিত কৰাৰে পৰা আৰম্ভ কৰি অৱসৰৰ পাছত বিভিন্ন লোভনীয় পদবী আগবঢ়োৱাৰ টোপ দি নিজৰ উদ্দেশ্য সিদ্ধি কৰে । ইতিমধ্যে দেশত এনে প্ৰচেষ্টা সকলোৰে দৃষ্টিগোচৰ হৈছে ।

সংবাদ মাধ্যমক পৰ্যুদস্ত কৰাত সফল হোৱাৰ সমান্তৰালভাৱে ন্যায়পালিকাৰ ওপৰতো একেই কৌশল ৰূপায়ণ কৰা হৈ আহিছে । একাংশ ন্যায়াধীশে এনে টোপ গিলি চৰকাৰৰ অবাঞ্ছিত কাৰ্যত সহযোগ কৰা বুলিও ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে ।

দৰাচলতে ন্যায়াধীশৰ বাছনি আৰু নিযুক্তিক লৈ কেন্দ্ৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত টনা-আঁজোৰা নতুন নহয় । স্বাধীনতাৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰেই ন্যায়াধীশ বাছনি আৰু নিযুক্তি প্ৰদান কৰি আহিছে ।

সংবিধান অনুসৰি দেশৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ স’তে আলোচনামৰ্মে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ১৯৯৩ত উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বাছনিৰ বাবে এক কলেজিয়াম ব্যৱস্থাৰ সূচনা কৰে ।

১৯৯৩ উচ্চতম ন্যায়ালয়ৰ নজনীয়া বিচাৰপীঠে সংবিধানৰ ১২৪ (২) অনুচ্ছেদত উল্লেখিত ‘মতামতৰ পাছত’ শব্দাংশৰ অৰ্থ ‘সন্মতিৰ পাছত’লৈ সলনি কৰি ন্যায়াধীশৰ বাছনি তথা নিযুক্তিৰ প্ৰক্ৰিয়াত কাৰ্যপালিকা অৰ্থাৎ চৰকাৰৰ কতৃৰ্ত্বৰ অৱসান ঘটায় ।

অৱশ্যে ইয়াক ন্যায়পালিকাৰ দ্বাৰা সংবিধানৰ পুনৰ লিখন বুলিও কেতববোৰ মহলে সমালোচনা কৰি আহিছে । দেশৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশক লৈ গঠিত এই কলেজিয়ামে বাছনি কৰা ন্যায়াধীশৰ তালিকাত চৰকাৰে অনুমোদন দি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থাৰ প্ৰচলন কৰা হয় ।

তেতিয়াৰে পৰা ন্যায়াধীশৰ বাছনি আৰু নিযুক্তিক লৈ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত সময়ে সময়ে টনা-আঁজোৰাৰ সৃষ্টি হৈ আহিছে ।

২০১৪ত ক্ষমতা দখলৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰে এক সংবিধান সংশোধনীৰ জৰিয়তে এই কলেজিয়াম ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ (এনজেএচি) গঠন কৰে ।

লক্ষ্যণীয়ভাৱে সততে পূৰ্বৰ চৰকাৰৰ সকলো সিদ্ধান্ত তথা কাৰ্যক সমালোচনা কৰি নতুন নতুন নীতি-নিয়ম প্ৰয়োগত তৎপৰ মোদী চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত পুৰণি ব্যৱস্থালৈকে উভতি যাবলৈ সক্ৰিয় হৈ উঠে ।

নতুন নিয়ম অনুসৰি এই আয়োগত দেশৰ মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ দুগৰাকী জ্যেষ্ঠতম ন্যায়াধীশ, কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু দুগৰাকী বিশিষ্ট ব্যক্তিক সদস্যৰূপে অন্তৰ্ভুক্ত কৰা হ’ব ।

অৱশ্যে এই সংশোধনীক ন্যায়পালিকাৰ ওপৰত হস্তক্ষেপ বুলি আৰু সেয়েহে অসাংবিধানিক আখ্যা দি উচ্চতম ন্যায়ালয়ে ইয়াক নাকচ কৰে । উচ্চতম ন্যায়ালয়ে দৃঢ়তাৰে কয় যে ন্যায়াধীশ বাছনি তথা নিযুক্তি প্ৰক্ৰিয়াত ন্যায়পালিকাৰ প্ৰাধান্য হৈছে এই সামগ্ৰিক ব্যৱস্থাটোৰ মূল ভেটি ।

সেয়েহে সংবিধানৰ এনে এক মৌলিক দিশক আনকি সংসদেও নাকচ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে ।

তাৰ পাছৰে পৰা ন্যায়াধীশ নিযুক্তিৰ কতৃৰ্ত্বক লৈ কেন্দ্ৰীয় চৰকাৰে ক্ষোভ তথা অসন্তুষ্টি ব্যক্ত কৰি আহিছে । তৎসত্ত্বেও উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা অৱলম্বন কৰিবলৈ যে সাজু নহয় সেই কথা বাৰে বাৰে স্পষ্ট কৰি দিছে ।

এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰভাৱ বিস্তাৰ কৰিবলৈ কেন্দ্ৰই বিভিন্ন ধৰণে চাপ সৃষ্টি কৰি আহিছে । আনকি কলেজিয়ামে নিযুক্তিৰ বাবে প্ৰেৰণ কৰা ন্যায়াধীশৰ বাছনিৰ তালিকাক আওকাণ কৰি সেয়া পেলাই থৈছে ।

দেশৰ ন্যায়ালয়সমূহত বিচাৰাধীন গোচৰ সংখ্যাধিক্যই সততে উদ্বেগৰ সৃষ্টি কৰি আহিছে । কি ন্যায়ালয়, কি চৰকাৰ – সকলো পক্ষই এনেবোৰ গোচৰৰ সময় নিৰ্ধাৰিত মীমাংসাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।

পৰ্যাপ্ত ন্যায়াধীশৰ অভাৱ যে ইয়াৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে সেই সম্পৰ্কত সকলোৱে অৱগত । তৎসত্ত্বেও উচ্চতম ন্যায়ালয় অথবা উচ্চ ন্যায়ালয়সমূহত ন্যায়াধীশৰ আসন বৃদ্ধি দূৰৰে কথা, খালী হৈ থকা পদসমূহ পূৰণৰ ক্ষেত্ৰতো অবাঞ্ছিতভাৱে বিলম্ব কৰা হৈছে ।

ফলস্বৰূপে অৱশেষত ন্যায় প্ৰয়াসী সাধাৰণ নাগৰিকেই ভুক্তভোগী হ’বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক ।

নিয়ম অনুসৰি কলেজিয়ামে প্ৰেৰণ কৰা তালিকাত নিৰ্ধাৰিত সময়ৰ ভিতৰত কেন্দ্ৰই অনুমোদন দি ন্যায়াধীশৰ নিযুক্তি নিশ্চিত কৰিব লাগে । তাৰ পৰিৱৰ্তে কলেজিয়ামে একাধিকবাৰ প্ৰেৰণ কৰা তালিকাও চৰকাৰৰ মেজত দীৰ্ঘকাল ধৰি পৰি ৰৈছে ।

কোনো কোনো সময়ত কেন্দ্ৰৰ মনঃপুত হোৱা দুই-এটা নামত অনুমোদন দিয়া হৈছে যদিও একে তালিকাত থকা আনসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰাৰ পৰা চৰকাৰ ইচ্ছাকৃতভাৱে বিৰত আছে ।

ইয়াৰ উদ্দেশ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম ব্যৱস্থাক গুৰুত্বহীন কৰাটোহে তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । আনকি বিগত নৱেম্বৰৰ শেষ সপ্তাহত কলেজিয়ামে প্ৰেৰণ কৰা ২১ টা নামৰ তালিকাৰ পৰা মাত্ৰ দুটা নামত অনুমোদন দি বাকী ১৯টা নামেই কেন্দ্ৰীয় চৰকাৰে ওভতাই পঠিয়ায় ।

ইয়াৰে ১০টা নাম প্ৰথমবাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও আন নটা নামেই চৰকাৰৰ ওচৰলৈ একাধিকবাৰ প্ৰেৰণ কৰা হৈছিল ।লক্ষ্যণীয় যে এই সংঘাতৰ ইয়াতেই অন্ত পৰা নাই । অলপতে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগক নাকচ কৰা হেতুকে ন্যায়পালিকাক কঠোৰভাৱে সমালোচনা কৰিছে ।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণৰ সময়তে উপ-ৰাষ্ট্ৰপতি এনেদৰে ন্যায়পালিকাৰ সমালোচনাত মুকলিকৈ সৰৱ হৈ পৰাৰ আঁৰত কেতবোৰ বিশেষ কাৰণ লুকাই আছে বুলি চৰ্চিত হৈছে ।

কিয়নো ২০১২ৰ পাছত ন্যায়াধীশ চন্দ্ৰচূড়ে সৰ্বাধিক দুবছৰ কালৰ বাবে মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰিব আৰু এই কাৰ্যকালত তেওঁৰ নেতৃত্বত কমেও ১৯গৰাকী ন্যায়াধীশক নিযুক্তি প্ৰদানৰ সুযোগ পাব । ।

এই সংখ্যা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা ৩৪গৰাকীৰ অৰ্ধেকৰো বেছি । উপ-ৰাষ্ট্ৰপতি ধনখড়ে কৈছে যে সংসদত ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ বিধেয়ক দল নিবিৰ্শেষে বিপুল সমৰ্থন লাভ কৰি গৃহীত হৈছিল যদিও উচ্চতম ন্যায়ালয়ে ইয়াক বাতিল কৰাটো দুৰ্ভাগ্যজনক ।

দেশৰ জনসাধাৰণৰ মতক এনেদৰে নাকচ কৰাটো পৃথিৱীৰ আন ক’তো তেওঁ দেখা নাই বুলিও ধনখড়ে এই প্ৰসংগতে উল্লেখ কৰে । অকল উপ-ৰাষ্ট্ৰপতিয়েই নহয়, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু বিগত সময়ছোৱাত কলেজিয়াম আৰু ন্যায়াধীশ নিযুক্তিৰ প্ৰসংগত দৃষ্টিকটুভাৱে ন্যায়পালিকাৰ বিৰুদ্ধে সততে সৰৱ হৈ আহিছে ।

তেওঁ একাধিকবাৰ মুকলিকৈয়ে মন্তব্য কৰিছে যে কলেজিয়াম ব্যৱস্থাটো সম্পূৰ্ণ অস্বচ্ছ আৰু ইয়াৰ কোনো দায়বদ্ধতা নাই । এখোজ আগলৈ গৈ মন্ত্ৰীগৰাকীয়ে আনকি যদি এই ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকাৰ প্ৰয়োজনেই নাই, তেন্তে ন্যায়পালিকাই নিজাববীয়াকৈয়ে ন্যায়াধীশ নিযুক্তি দি লওক বুলিও কটাক্ষ কৰিছে ।

লগতে কলেজিয়াম ব্যৱস্থাত বহু ৰাজনীতি জড়িত হৈ থাকে যদিও বাহিৰৰ পৰা সেয়া দৃষ্টিগোচৰ নহয় বুলি ৰিজিজুৱে মন্তব্য কৰিছে । সেই বাবে ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ ব্যৱস্থাই উত্তম বুলি আইনমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত কৈ আহিছে ।

ইয়াৰ বিপৰীতে এই সমগ্ৰ ঘটনাক লৈ ন্যায়পালিকায়ো অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । কলেজিয়ামে প্ৰেৰণ কৰা তালিকা অনুসৰি ন্যায়াধীশ নিযুক্তি প্ৰদান নকৰাক লৈ দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত কঠোৰ স্থিতি দাঙি ধৰিছে ।

এই প্ৰসংগত তিনিজনীয়া বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে কলেজিয়ামে প্ৰেৰণ কৰা ন্যায়াধীশৰ তালিকাত অনুমোদন দি নিযুক্তি প্ৰদান কৰিবলৈ চৰকাৰ বাধ্য, লাগিলে চৰকাৰৰ এই ক্ষেত্ৰত যি আপত্তিয়ে নাথাকক কিয় । এই তালিকা এনেদৰে পেলাই থোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও বিচাৰপীঠে মন্তব্য কৰে ।

এনে বিলম্বৰ বাবে কেন্দ্ৰক জবাবদিহি কৰাতে ক্ষান্ত নাথাকি ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া আইন অনুসৰি চৰকাৰে কাৰ্যনিৰ্বাহ কৰাটো নিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়ে । এনে লিখিত নিৰ্দেশৰ লগতে মৌখিকভাৱেও বিচাৰপীঠে আইন মন্ত্ৰীৰ ভাষ্যত কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

এই কথা স্পষ্ট হৈ পৰিছে যে এনেদৰে দেশৰ মূল কাঠামোৰ দুটা প্ৰধান স্তম্ভ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ সংঘাতে ইতিমধ্যে গুৰুতৰ ৰূপ ধাৰণ কৰিছে । সবাতোকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে পৰস্পৰক এনেদৰে সমালোচনা কৰি দেশত এক অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছে ; কিয়নো যদিহে চৰকাৰৰ মুৰব্বী স্থানীয় ব্যক্তিসকলেই অহৰহ প্ৰচাৰ চলায় যে দেশৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াটোৱেই স্বচ্ছ নহয়, তথা ইয়াত অশুভ ৰাজনীতি জড়িত হৈ থাকে, তেন্তে ন্যায়পালিকাৰ প্ৰতি দেশৰ জনসাধাৰণৰ বিশ্বাস ভংগ নহ’বনে ?

ন্যায় বিচািৰ সাধাৰণ নাগৰিক যি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব, তাৰেই ন্যায়াধীশসকলৰ নিযুক্তি প্ৰক্ৰিয়া সন্দেহজনক বুলি স্বয়ং আইন মন্ত্ৰী অথবা উপ-ৰাষ্ট্ৰপতিয়েই যদি সমালোচনা কৰে তেন্তে কি আস্থা অথবা বিশ্বাসক লৈ সাধাৰণ নাগৰিক আগবাঢ়িব ?

আনহাতে, এখন চৰকাৰক আইন অনুসৰি কাৰ্যনিৰ্বাহ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সকীয়াই দিবলগীয়া হোৱাটোৱে স্পষ্ট কৰি দিছে যে চৰকাৰ দেশৰ আইন অনুসৰি চলা নাই । তেনে এখন চৰকাৰ পৰা দেশৰ জনসাধাৰণে আৰু কি ন্যায় আশাই বা কৰিব পাৰে ?

ফলস্বৰূপে সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতিয়েই জনসাধাৰণৰ আস্থা লোপ পাব আৰু অৱশেষত অৰাজকতাৰ দিশে আগবাঢ়িব । ইতিমধ্যে চৰকাৰৰ বিভিন্ন পদক্ষেপে দেশত বৈষম্য অতি প্ৰকট কৰি তুলিছে আৰু ই ক্ৰমশঃ অস্থিৰতাৰ সৃষ্টি কৰিবলৈ লৈছে ।

তদুপৰি দেশৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহক পৰিকল্পিতভাৱে নিশকতীয়া কৰি পেলোৱা হৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

গতিকে ইয়াক এক কতৃৰ্ত্ব আৰোপৰ মাধ্যমৰূপে গ্ৰহণৰ পৰিৱৰ্তে এক সুস্থ আৰু যুক্তিপূৰ্ণ আলাপ-আলোচনাৰ মাধ্যমেদি ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াটো স্বচ্ছ, দায়বদ্ধ আৰু নিৰপেক্ষ কৰি তোলাটো সময়ৰ আহহ্বান ।

কাৰ্যপালিকা আৰু ন্যায়পালিকাই পৰস্পৰৰ কৰ্তৃত্বৰ সীমা নিৰ্ধাৰণ কৰিবলৈ গৈ যাতে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি নকৰে সেয়াই দেশবাসীৰ কাম্য ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Opinionpranjal sen dekaSupreme Court
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d