lachit Gogoi Arrested:বিজেপি নেতা লাচিত গগৈক আটক

মৰাণ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে আটক কৰে গগৈক, কাৰ্বি আংলঙৰ এছ পি সঞ্জীৱ কুমাৰ শইকীয়াৰ গোচৰৰ ভিত্তিত আটক

lachit gogoi arrested

lachit Gogoi Arrested:

বিজেপি নেতা লাচিত গগৈক আটক ৷ বিজেপিৰ অবিচি মৰ্চাৰ নেতা আছিল লাচিত গগৈ । এটা বহু চৰ্চিত ভাইৰেল অডিঅ’ত নাম চৰ্চালৈ আহিছিল বিজেপি নেতাজনৰ নাম ৷

কাৰ্বি আংলং আৰক্ষীয়ে মৰাণ আৰক্ষীৰ সহযোগত আটক কৰিছে গগৈক। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ গোচৰৰ ভিত্তিত আটক

উল্লেখ্য যে,চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি বিশেষ লাভ কৰিছিল অডিঅ’টোত।

আনকি দুজন আৰক্ষী অধীক্ষকক দিবলৈ আটাছু নেতাজনক ধন দিয়া বুলি স্বীকাৰ কৰিছিল অডিঅ’টোত।

পৰৱৰ্তী সময়ত কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই লাচিত গগৈৰ বিৰুদ্ধে ডিফু থানাত ৰুজু কৰিছিল গোচৰ।

সেই এজাহাৰৰ ভিত্তিত শুক্ৰবাৰে নিশা মৰাণ আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ এখন সভাত অংশ গ্ৰহণ কৰি থকা স্থানৰ পৰাই ডিফু আৰক্ষীয়ে আটক কৰে বিজেপি অবিচি মৰ্চাৰ জ্যেষ্ঠ নেতা জনক।
আনহাতে অপসাৰিত হ’ব পাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁই।

ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতেই বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল জনগোষ্ঠীয় নেতাগৰাকী।

শেহতীয়া খবৰ অনুসৰি আটাছুৰ বহু বিতৰ্কিত নেতাগৰাকীৰ বিৰুদ্ধে  উত্থাপিত অভিযোগৰ সন্দৰ্ভত আলোচনাৰ বাবে মৰাণত অনুষ্ঠিত হৈছে আটাছুৰ জৰুৰী কাৰ্যনিৰ্বাহক। সন্দেহ কৰা মতে এই সভাতে অপসাৰিত হ’ব পাৰে মিলন বুঢ়াগোহাঁই

Exit mobile version