Chandrayaan -3 :আজি পৃথিৱীৰ অন্তিম কক্ষপথ পৰিৱৰ্তন কৰিব ইছৰ’ৰ যানে

উৎক্ষেপণৰ ১০ দিনৰ পাছতো মাধ্যাকর্ষণ শক্তিৰ আওতাতে আছে চন্দ্ৰযান-৩

chandrayaan 3

Chandrayaan -3 :

উৎক্ষেপণৰ ১০ দিন অতিবাহিত হ’ল। এই সময়ছোৱাত চন্দ্ৰ অভিমুখে বহু দূৰ অতিক্ৰম কৰিলে ভাৰতীয় মহাকাশ সংস্থা ইছৰৱে নিৰ্মাণ কৰা মহাকাশ যানখনে। ইছৰ’ৱে জনাইছে যে মহাকাশত এই পর্যন্ত চন্দ্ৰযান-৩ৰ যাত্ৰা নির্বিঘ্নে অব্যাহত আছে। কোনো প্রতিবন্ধক এই পর্যন্ত অহা নাই ।

ইছৰ’ৰ তথ্য অনুসৰি, এই মুহূৰ্তত ৭১৩৫১ কিলোমিটাৰ x ২৩৩ কিলোমিটাৰ কক্ষপথত অৱস্থান কৰি আছে চন্দ্রযান-৩য়ে। অৱশ্যে এতিয়াও যানখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ আওতাতে আছে। পৃথিৱীৰ আকৰ্ষণ এৰাই চন্দ্ৰৰ দিশে ৰাওনা হোৱাৰ বাবে যানখনক এতিয়াও কিছু সময়ৰ প্রয়োজন হ’ব। উল্লেখ্য যে মহাকাশত চন্দ্রযান-৩ৰ গতি লাহে লাহে বৃদ্ধি কৰাৰ বাবে ইছৰৱে মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল। তাৰ ভিতৰত চাৰিটা স্তৰ ইতিমধে সফলভাৱে সম্পন্ন হৈছে। এতিয়া অস্তিম স্তৰটো বাকী আছে। সেই ঢাপ সফলতাৰে অতিক্ৰম কৰিব পাৰিলেই যানখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাহিৰলৈ ওলাই যাব। কাইলৈ যানখনৰ অন্তিম স্তৰ সম্পন্ন হ’ব।

কাইলৈ বিয়লি দুইৰ পৰা তিনি বজাৰ ভিতৰত চন্দ্ৰযান- শুয়ে পঞ্চমবাৰৰ বাবে কক্ষপথ পৰিৱৰ্তন কৰিব। ইয়াৰ পূৰ্বে চন্দ্রযান-৩য়ে ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত চাৰিবাৰ কক্ষপথ সলনি কৰিছে। ইছৰ’ৰ পৰিকল্পনা অনুসৰিয়ে কাম হৈছে । এতিয়া পঞ্চম ঢাপৰ বাবে দৃষ্টি ৰাখিছে ইছৰ’ৰ বিজ্ঞানীসকলে।

একো একোটা কক্ষপথ ধৰি স্তৰে স্তৰে পৃথিৱীৰ স’তে দূৰত্ব বৃদ্ধি কৰি আছে চন্দ্ৰযান-৩য়ে ৷ পঞ্চমবাৰ কক্ষপথ পৰিৱৰ্তনৰ পাছত যানখনে পৃথিৱীৰ পৰা চন্দ্ৰলৈ পৰিবহণকাৰী কক্ষপথত প্ৰৱেশ কৰিব।

তাৰ পাছতে চন্দ্ৰযান-এক চন্দ্ৰৰ মাধ্যাকর্ষণ বলে টানি নিব। চন্দ্ৰৰ মাধ্যাকর্ষণ বলৰ অধীনত সোমাই পৰাৰ পূৰ্বে ইছৰৰ পৰিকল্পনা অনুসৰিয়ে পৃথিৱীৰ কক্ষপথত কিছু বেছি সময় অতিবাহিত কৰিছে চন্দ্রযান এয়ে। এইদৰে পৃথিৱীৰ মাধ্যাকর্ষণক
ব্যৱহাৰ কৰি মহাকাশ যানযনে নিজৰ গতি আৰু বৃদ্ধি কৰি লৈছে।

সকলো ঠিকে থাকিলে অহা ২৩ বা ২৩ আগষ্টত চন্দ্ৰত উপস্থিত হ’ব চন্দ্রযান- ৩ ইছৰৰ এই অভিযান সফল হ’লে অধুনালুপ্ত ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু চীনৰ পাছতে অভিযানত সাফল্য অৰ্জনৰ তালিকাত নাম লিখাৰ ভাৰতে বিশ্বৰ চতুৰ্থ দেশ হিচাপে ভাৰতে চন্দ্ৰত মহাকাশ যান অৱতৰণ কৰাব।

উল্লেখ্য যে যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৰন স্পেচ চেন্টাৰৰ লঞ্চিং পেডাৰ পৰা চন্দ্ৰযান-এ সফল উৎক্ষেপণ হয়। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্রযান-এৰ পৰা ওলাই যোৱা লেণ্ডাৰ বিক্রমে সফলতাৰে চন্দ্ৰৰ ভূমি স্পৰ্শ কৰিব পাৰিলে আৰু তাৰ পাছত ৰোভাৰ প্ৰজ্ঞানক সঠিকভাৱে চন্দ্ৰত অৱতৰণ কৰাব পাৰিলে, ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে নতুন মাত্রা পাব ৷

ইছৰ’ৰ তৰফৰ পৰা জনোৱা হৈছে যে উৎক্ষেপণৰ প্ৰায় ৪০ দিন পাছত চন্দ্ৰৰ মাটিত নামিব পাৰে চন্দ্ৰযান-৩ৰ সৌৰচালিত লেণ্ডাৰ বিক্রম। লেণ্ডাৰৰ পৰা সৌৰচালিত ৰোভাৰ প্ৰজ্ঞানে বাহিৰ ওলাই চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। তাৰ পাছত চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতি সংক্রান্তীয় তথ্য সংগ্ৰহ কৰিব প্ৰজ্ঞানে ৷

ইয়াৰ সমান্তৰালকৈ যি অঞ্চলেৰে প্ৰজ্ঞানে চলাচল কৰিব, সেই অঞ্চলৰ চন্দ্ৰৰ ভূমিত অশোকস্তম্ভ আৰু ইছৰ’ৰ প্রতীক অংকিত হ’ব।

Exit mobile version