Bongaigaon Illegal saw Mill Seized :বঙাইগাঁৱৰ বালাৰচৰত বন বিভাগৰ অভিযানত কাঠফলা মিল উৎখাত

জব্দ বৃহৎ পৰিমাণৰ কাঠ 

tmber seized

Bongaigaon Illegal saw Mill Seized :

বঙাইগাঁও জিলাৰ বালাৰচৰত আজি দুপৰীয়া অভয়াপুৰী ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত অভিযান চলাই এখন কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ।

এক গোপন খবৰৰ ভিত্তিত অভয়াপুৰী উপ বন সংমণ্ডলৰ অন্তৰ্গত বালাৰচৰত অভয়াপুৰী বন বিষয়াই অভিযান চলায়। অভিযানত বালাৰচৰত অবৈধ বাবে চলি থকা এখন কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ অহাৰ খবৰ লাভ কৰি অবৈধ কাঠফলা মিলৰ গৰাকী মিল চলি থকা অৱস্থাতে পলায়ন কৰে । জব্দকৃত কাঠখিনিৰ মূল্য ৫০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে । পৰবৰ্তী সময়তো অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি বন বিষয়াজনে উল্লেখ কৰে।

Exit mobile version