Fakiragram College:বি প্লাছ গ্ৰেড লাভ কৰিলে ফকিৰাগ্ৰাম মহাবিদ্যালয়ে

bplus

Fakiragram College:

ৰাজ্যৰ আন প্ৰান্তৰ দৰে উচ্চ শিক্ষানুষ্ঠান ফকিৰাগ্ৰাম মহাবিদ্যালয়ত যোৱা ২৬ আৰু ২৭ জুন তাৰিখে ‘নাক’ ৰ এটি দলে পৰিদৰ্শন কৰি বিভিন্ন দিশত বুজ লয়। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা উক্ত মহাবিদ্যালয়খনৰ সৰ্ব দিশ পৰিদৰ্শন কৰাৰ পিছত ‘নাকে’ বি প্লাছ গ্ৰেড প্ৰদান কৰে।

মহাবিদ্যালয়খনে বি প্লাছ গ্ৰেড লাভ কৰি অঞ্চলটো লৈ এক সুনাম কঢ়িয়াই আনিছে। নাকে বি প্লাছ গ্ৰেড প্ৰদান কৰাত আজি ফকিৰাগ্ৰাম মহাবিদ্যালয় আই কিউ এ চিৰ উদ্দোগত এখন মতবিনিময় সভা অনুষ্ঠিত হয় ।

উক্ত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ চান্দমিঞা আহমেদ,ফকিৰাগ্ৰাম মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণ চন্দ্র নাথ,সদস্য ডঃ পৰেশ চন্দ্র ৰায়, ডঃ মোজাম্মেল হক,আই কিউ এ চিৰ কো অৰ্ডিনেটৰ ডঃ মনোজ কুমাৰ ব্ৰহ্ম, যুটীয়া কো অৰ্ডিনেটৰ আনোৱাৰুল ইছলামৰ লগতে এলুমিনি এছোচিএচনৰ বিষয়ববীয়া আৰু অধ্যাপক অধ্যাপিকা,শিক্ষানুষ্ঠানৰ সৈতে জড়িত থকা ব্যক্তি সকল উপস্থিত থাকে ।

অহা দিনবোৰত যাতে মহাবিদ্যালয়ৰ এই উন্নয়নৰ ধাৰা অব্যাহত থাকে তাৰ বাবে বিভিন্ন জনে উক্ত মতবিনিময় সভাত পৰামৰ্শ আগবঢ়ায়।

Exit mobile version