Mainaguri M E School:মইনাগুৰি এম ই স্কুলৰ পয়া লগা অৱস্থা

বৰষুন দিলে মূৰত ছাতি লৈ শ্ৰেণী কাৰ্য কৰে শিক্ষাৰ্থী, শ্ৰেণী কোঠাৰ টিনপাতৰে দেখা যায় আকাশ, ধাৰ কৰি অনা বিজ্ঞান শিক্ষকে কৰে ক্লাছ 

damage school

Mainaguri M E School:

যি সময়ত ৰাজ্যৰ সমান্তৰালকৈ বিটিচি অঞ্চলৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি গ্ৰহণ কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে তেনে সময়ত চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

বিটিচি অঞ্চলত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বিকাশৰ কথা যিমানেই প্ৰচাৰ নকৰক কিয় কিমানদূৰ সফলতা লাভ কৰিছে সেয়া এখন চৰকাৰী বিদ্যালয়ৰ পয়লগা অৱস্থাই প্ৰমাণিত কৃৰিছে।

উপযুক্ত শ্ৰেনীকোঠাৰ অভাৱত পাঠদানৰ পৰা বঞ্চিত আঢ়ৈ শতাধিক ছাত্ৰ- ছাত্ৰী। ছাত্ৰ ছাত্ৰী বহিবলৈ নাই এটা শ্ৰেণী কোঠা । তেনে এখন স্কুল হৈছে গোসাঁইগাঁৱৰ কচুগাওঁ শিক্ষা খণ্ডৰ অধীনস্ত মইনাগুৰী এম,ই স্কুল।

স্কুলৰ শ্ৰেণী কোঠাৰ টিনপাত দেখিলে সকলোৱে অনুমান কৰিব পাৰিব যে কেনেকৈ শ্ৰেণী কাৰ্য চলে স্কুলখনৰ লগতে স্কুলৰ শিক্ষক সকলে কেনে পৰিস্থিতি আৰু পৰিৱেশত পাঠদান দিয়ে । স্কুলখনৰ বহু কোঠা আৰু গৃহ দেখাত আছে যদিও বাস্তৱত এটাও কাৰ্যকৰী নহয়।বৰষুণ আহিলে সকলো ক্লাছত পানী জমা হৈ পৰে ।

এজাক বৰষুণ দিলে ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰষুণৰ পানীৰে ভৰি পৰে শ্ৰেণী কোঠা। বৰষুণ আহিলে ছাত্ৰ -ছাত্ৰীয়ে কৰিব নোৱাৰে ক্লাছ। তথাপিও ছাত্ৰ -ছাত্ৰী সকলে অতি কষ্টৰে মূৰত ছাতি লৈ কৰে শ্ৰেণী কাৰ্য । ২১৯ গৰাকী ছাত্ৰ ছাত্ৰী থকা স্কুলখনত নাই এটা ভাল শ্ৰেণী কোঠা। টিনপাতৰ ফুটাৰে দেখা যায় আকাশ। টিনপাত সমূহ প্ৰায় ভাঙি – ফুটা হৈ বিধস্ত হৈ পৰিছে।

যাৰ ফলত শিক্ষক সকলে উপযুক্ত পৰিৱেশ আৰু শ্ৰেণী কোঠাৰ অভাৱত কৰিব পৰা নাই পাঠদান। বৰষুণ আহিলে বন্ধ হৈ পৰে শ্ৰেণী কাৰ্য। দুবাৰ কৈ কোকৰাঝাৰ জিলা শিক্ষা বিভাগৰ দায়িত্বত থকা কৰ্তৃপক্ষই স্কুলখন পৰিদৰ্শন কৰি ফটো তুলি লৈ যায় যদিও আজিলৈকে কোনো ব্যৱস্থা নকৰিলে।

বিভাগীয় কৰ্তৃপক্ষই দেখিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অভিভাৱক সকলে ক্ষুব্ধ হৈ পৰে। অকল তাকে নহয় এখন এল পি আৰু এম ই স্কুল মিলি বৰ্তমান মইনাগুৰি এম ই স্কুলত চাৰি গৰাকী শিক্ষক । এগৰাকী প্ৰধান শিক্ষক আৰু তিনি গৰাকী সহকাৰী শিক্ষক আছে । স্কুলত নাই চকীদাৰ ।

চাৰি গৰাকী শিক্ষকে চলাই আহিছে দুখন কৈ বিদ্যালয়। দীৰ্ঘদিন ধৰি স্কুলখনত নাই এগৰাকী বিজ্ঞান শিক্ষক । ধাৰ কৰি অনা শিক্ষকে চলাই আহিছে বিজ্ঞান আৰু গণিত ক্লাছ । শ্ৰেণী কোঠাৰ অভাৱত পাঠদান ব্যাহত হোৱাই নহয় শিক্ষকৰ অভাৱে আন এক সমস্যাৰ সৃষ্টি কৰিছে।

এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত স্কুল খন সন্দৰ্ভত বিভাগক অৱগত কৰিও পোৱা নাই সঁহাৰি। ফলত হতাশাত স্থানীয় ৰাইজ, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক । বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ হাতত থকা শিক্ষা বিভাগৰ পৰিৱৰ্তন কৰিবলৈ দাবী জনায় মইনাগুৰি অঞ্চলৰ ৰাইজে।

শীঘ্ৰে স্কুল খন পৰিদৰ্শন কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন উজ্বল কৰি তুলিবলৈ উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে ৰাইজে প্ৰমোদ বড়োক আহ্বান জনায়।

Exit mobile version