West Karbianglong:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ৰিকাংমিহমত হাতী-মানুহৰ সংঘাত

দুটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড

kherani 2

West Karbianglong:

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী মানুহৰ সংঘাত। একেদৰে এইবাৰ দেখিবলৈ পোৱা গ’ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ৰিকাংমিহমত সংঘটিত হোৱা হাতী-মানুহৰ সংঘাত।

নিশা খাদ্যৰ সন্ধানত তিনিটাকৈ বনৰীয়া হাতীয়ে গাওঁখনত প্ৰৱেশ কৰি বাবু ইংতি আৰু ছাৰিম ফাংচ নামৰ লোক দুজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়াল দুটাৰ সদস্য।

কেৱল বাসগৃহই ভাঙি লণ্ডভণ্ড কৰা নহয়, মজুত ৰখা ধান, চাউল আদি খাই তহিলং কৰাৰ লগতে ঘৰৰ বয়বস্তু আৰু বাৰীৰ শাক পাচলিৰ খেতি আদিও গচকী বিনষ্ট কৰে বনৰীয়া হাতী কেইটাই।

অৱশ্যে শেহতীয়াকৈ গাওঁবাসীয়ে একগোট হৈ চিঞৰ-বাখৰ কৰি, জুই আদি জ্বলাই হাতী কেইটাক অঞ্চলটোৰ পৰা বনাঞ্চলৰ দিশে খেদি পঠিয়াই।

ইপিনে ঘটনাস্থলীত খেৰণি বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ গাওঁবাসীৰ।

Exit mobile version