Mysterious Death Of The Young Boy:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

durgapur

Mysterious Death Of The Young Boy :

ইটোৰ পাছতে সিটোকৈ বহি:ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ লোৱা নাই অসম চৰকাৰ ৷

বহিঃৰাজ্যত পুনৰ ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ। মৃত যুৱকজন তিতাবৰৰ এশ ঘৰীয়া গাঁৱৰৰ আদিত্য দাস বুলি চিনাক্ত কৰা হৈছে।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ দুর্গাপুৰৰ ৰে’ল ষ্টেচনৰ সমীপতে উদ্ধাৰ আদিত্যৰ মৃতদেহটো।

কৰ্মৰ সন্ধানত তিনি যুৱকৰ সৈতে চেন্নাইলৈ গৈছিল আদিত্য । কিন্ত দুর্গাপুৰ ৰে’ল ষ্টেচনত আদিত্য ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি লগৰীয়াই তিতাবৰৰ পৰিয়ালক খবৰ দিয়াৰ পাছতে সৰগ ভাঙি পৰে দুৰ্ভগীয়া পৰিয়ালৰ ৷

আদিত্যৰ মৃত্যুক সহজভাৱে নলৈ পৰিয়ালে অভিযোগ উদ্থাপন কৰে যে সতীৰ্থ ধর্মেন্দ্র দাসেই হত্যা কৰি ৰে’লৰ পৰা পেলাই দিছে ।

ইতিমধ্যে আদিত্যৰ পৰিয়ালৰ লোক পশ্চিমবংগৰ দুৰ্গাপুৰত উপস্থিত হৈছে ৷ দুৰ্গাপুৰ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি আৰম্ভ পৰিছে তদন্ত ৷

আনহাতে আদিত্যৰ ৰহস্যজনক মৃত্যুক লৈ এশ ঘৰীয়া গাঁৱত বিৰাজ কৰিছে উত্তেজনা

Exit mobile version